গুৰুজনাৰ জন্মস্থানত বেদখলকাৰীক উচ্ছেদঃ বিধানসভাৰ বাহিৰত AIUDF ৰ প্ৰতিবাদ...

গুৰুজনাৰ জন্মস্থানত বেদখলকাৰীক উচ্ছেদঃ বিধানসভাৰ বাহিৰত AIUDF ৰ প্ৰতিবাদ...
গুৰুজনাৰ জন্মস্থানত বেদখলকাৰীক উচ্ছেদঃ বিধানসভাৰ বাহিৰত AIUDF ৰ প্ৰতিবাদ...

ডিজিটেল ডেস্কঃ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ চৰাকৰী ভূমিত আৰম্ভ হৈছে উচ্ছেদ অভিযান। যোৱা কেইবাটাও দিন ধৰি বটদ্ৰৱাৰ চৰকাৰী ভূমিত বাস কৰি থকা লোকসকলক উচ্ছেদৰ বাবে অসমৰ আৰক্ষীৰ এটা বৃহৎ দলে যোৱা কেইবাদিনো ধৰি বটদ্ৰৱাত কুচকাৱাজ চলাই আছিল।

অৱশেষত কালি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত চৰকাৰী ভূমি দখল কৰি থকা লোকসকলক এফালৰ পৰা এক্সকেভেটৰৰ সহায়ত উচ্ছেদ কৰে। বটদ্ৰৱাৰ এই উচ্ছেদ এই পৰ্যন্ত শান্তিপূৰ্ণ হ'লেও উচ্ছেদিত স্থান এৰি নোযোৱাৰ হুংকাৰ দিছে একাংশ লোকে।

বটদ্ৰৱাৰ উচ্ছেদৰ সমান্তৰালকৈ আজিৰে পৰা আৰম্ভ হোৱা অসম বিধানসভাত এই বিষয়টোৱে স্থান লাভ কৰিছে। বটদ্ৰৱাৰ উচ্ছেদ বিৰোধিতা কৰিছে এ আই ইউ ডি এফ বিধায়কসকল।

তেওঁলোকে বিধানসভাৰ বাহিৰত একত্ৰিত হৈ উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰিছে। তেওঁলোকক সমৰ্থন কৰি কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়েও প্ৰতিবাদত অংশগ্ৰহণ কৰিছে।

এই সন্দৰ্ভত সাংবাদিকৰ আগত ধিঙৰ বিধায়ক আমিনুল ইছলামে কয়, এই উচ্ছেদ একেবাৰে সমৰ্থন যোগ্য নহয়। চৰকাৰে একাংশ লোকক মাটিৰ পট্টাৰ বাবে আৱেদন কৰিবলৈ দিছে আৰু একাংশ লোকক খেদি পঠিয়াইছে। এয়া পক্ষপাতমূলক আৰু আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো।

তেওঁ কয়, ভাৰতীয় মানুহক উচ্ছেদত কৰিলে কেনেকৈ মানি লম? তেওঁলোকে এইসকল লোকক বাংলাদেশী বুলি ক'লেই মানি লম নেকি? চৰকাৰী পক্ষই এইবোৰ পক্ষপাত কৰিছে একমাত্ৰ নাগপুৰৰ বাবে। শাসকীয় পক্ষই নাগপুৰৰ স্বাৰ্থত এই উচ্ছেদ কৰিছে অসমৰ ৰাইজৰ স্বাৰ্থত কৰা নাই।

আনহাতে এ আই ইউ ডি এফৰ মূৰব্বী বদৰুদ্দিন আজমলৰ পুত্ৰ তথা বিধায়ক ছিৰাজুদ্দিন আজমলে বটদ্ৰৱাৰ উচ্ছেদক লৈ মন্তব্য নকৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। তেওঁ কৈছে, এয়া তেওঁৰ নিজৰ মৰ্জি।

ইফালে বটদ্ৰৱাৰ উচ্ছেদক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সাহসী সিদ্ধান্ত আক্ষা দিছে শাসকীয় পক্ষৰ বিধায়ক দিগন্ত কলিতা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আদিয়ে।

উল্লেখ্য যে সোমবাৰে পুৱা ৬ বজাত বটদ্ৰৱাৰ শান্তিজান বজাৰত প্ৰশসানে উচ্ছেদ অভিযান আৰম্ভ কৰে। পৰৱৰ্তী সময়ত হাইডুবি আৰু ইয়াৰ পিচত ভোমোৰাগুৰি কিচামতৰ ৭৩৩নং দাগৰ ১০৪ বিঘা মাটিত উচ্ছেদ অভিযান চলোৱা হয়। এইকেইটা অঞ্চলত বেদখলকাৰীয়ে সত্ৰৰ ভূমি দখল কৰি স্থায়ী ঘৰ সজাৰ লগতে প্ৰকাণ্ড প্রকাণ্ড পুখুৰী খান্দি মাছ পুহি আহিছিল।

ইফালে ভোমোৰাগুৰিৰ জামাইবস্তিৰ একাংশ লোক আঁকোৰগোজ হৈ আছে। তেওঁলোকৰ মতে বিগত ২৫ বছৰে ভোমোৰাগুৰি ৰাজহৰ ৮৪নং পট্টাৰ বিপৰীতে খাজনা আদায় দি আহিছে। আনহাতে একাংশ বেদখলকাৰীয়ে তেওঁলোকে কংগ্ৰেছৰ আমোলত প্রাক্তন মন্ত্রী তথা স্থানীয় বিধায়ক গৌতম বৰাৰ নিৰ্দেশত বটদ্ৰৱাৰ উচ্ছেদিত চৰকাৰী ভূমিত অৱস্থান কৰিছিল বুলি মন্তব্য কৰিছে। তেওঁলোকৰ মন্তব্য- কংগ্ৰেছে বহুৱাইছিল আৰু বিজেপিয়ে উচ্ছেদ কৰিছে।

ইয়াৰ মাজতে একাংশ বেদখলকাৰী উচ্ছেদৰ পিচত নাচোৰবান্দা হৈ ৰৈছে। উচ্ছেদ কৰাৰ পিচতো এনে লোকসকল তাৰ পৰা আন ঠাইলৈ আঁতৰি নোযোৱাৰ সংকল্প লোৱাৰ বিপৰীতে ভূমিহীন হোৱা হেতুকে এই স্থানতে তম্বু তৰি হ'লেও থাকিব বুলি প্ৰকাশ কৰে।

স্মৰ্তব্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্র জন্মভূমিৰ বটদ্ৰৱা থানৰ সমীপৱৰ্তী তথা নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ ধিং ৰাজহ চক্ৰৰ অধীনৰ বটদ্ৰৱাৰ কেইবাখনো গাঁৱৰ হেজাৰ বিঘা মাটিত দীৰ্ঘদিনৰে পৰা বেদখল হৈ আছিল। বছৰ বছৰ ধৰি এঘৰ-দুঘৰকৈ আৰম্ভ কৰি ক্ৰমান্বয়ে লাখৰো অধিক অচিনাকি লোকে আহি বটদ্ৰৱাৰ ভোমোৰাগুৰি গ্ৰেজিং ৰিজার্ভ, লালুংগাঁও, হাইডুবি, চৰকাৰী বীজ পাম, ৰামপুৰ সত্ৰ, বালিসত্র, কদমনি, কোবাইকটা সত্ৰ আদি ঠাইত নিগাজিকৈ বাস কৰিবলৈ আৰম্ভ কৰিছিল।

ভোমোৰাগুৰি গ্লেজিং ৰিজার্ভ, লালুংগাঁও আদি স্থানত নতুনকৈ অবৈধ ভাৱে দখল কৰা লোকসকলৰ এলেকাত হত্যা, বলাৎকাৰ, চুৰি, ডকাইতি, অবৈধ ড্ৰাগছৰ বেহা আদি অসামাজিক কার্যকলাপ ক্রমান্বয়ে বৃদ্ধি পোৱাৰ ফলস্বৰূপে বটদ্ৰৱাৰ নামটো চৰ্চালৈ আহিছিল। যাৰ পৰিণতিত বটদ্ৰৱা থান পৰিচালনা সমিতি, বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থা, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বটদ্ৰৱা থানৰ ভকত-বৈষ্ণৱ, সত্ৰাধিকাৰ আদি দল- সংগঠনে চৰকাৰক এই বেদখলকৃত ভূমি উচ্ছেদৰ বাবে দাবী তুলি আহিছিল।

অৱশেষত মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই বটদ্ৰৱা থানলৈ আহি বটদ্ৰৱাৰ সকলো বেদখলকৃত ভূমি উচ্ছেদৰ ঘোষণা কৰাৰ পিচত সোমবাৰৰ পৰা এনেদৰে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in