/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/fc28c462-b8f2-4c87-92eb-c615abf1cc90/1.jpg)
ডিজিটল ডেস্কঃ ৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত সৌন্দৰ্যৰে সকলোকে মুহিত কৰিছে বলিউদ আইকন ঐশ্বৰ্য ৰায় বচ্চনে। নিজ কন্যাৰ সৈতে কাঁ ৰ বাবে ৰাওনা হৈছিল অভিনেত্ৰীগৰাকী। অৱশেষত ১৬ মে’ত ৰেড কাৰ্পেটত দেখিবলৈ পোৱা গ'ল ঐশ্বৰ্যক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/8a80a795-5b33-462a-8c98-677fc2b8f216/GNv7bXGWkAAlOTS.jpg)
ক'লা আৰু সোণালী ৰঙৰ গাউনেৰে উপস্থিত প্ৰতিজনক আপ্লুত কৰিবলৈ সক্ষম হয় মোহময়ী অভিনেত্ৰীগৰাকীয়ে। ক'লা গাউনত সোণালী ৰঙৰ দীঘলীয়া ডিজাইন লগতে সোণালী ৰঙৰ কাণফুলী আৰু সাধাৰণভাৱে ৰখা প্ৰসাধনে তেওঁক অতি আকৰ্ষণীয় কৰি তোলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/6295206f-1bed-4077-82ba-c499305b82c6/GNugKJ5aQAAiESz.jpg)
উল্লেখ্য যে, এই অনষ্ঠানৰ নিয়মীয়া অতিথি ঐশ্বৰ্য ৰায় বচ্চন। এই সময়ছোৱাত তেওঁক সংগ দিয়ে কন্যা আৰাধ্যই। শাৰিৰীকভাৱে কিছু অসুস্থ মাতৃ ঐশ্বৰ্যৰ সৈতে ছা টো দৰে লাগি আছিল কন্যা আৰাধ্যা। ঐশ্বৰ্যৰ ফটোবোৰ ইণ্টাৰনেটত ভাইৰেল হোৱা পিচতে গুণমুগ্ধসকল মাক-জীয়েকৰ যুটিটোক প্ৰশংসা কৰিছে।
#AishwaryaRaiBachchan at @Festival_Cannespic.twitter.com/D3nxyEMPWA
— Groovy (@BibaswanM) May 16, 2024
Also Read: গান গোৱাৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈ পৰিমঃ কণ্ঠশিল্পী সান্নিধ্য ভূঞা...