গান গোৱাৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈ পৰিমঃ কণ্ঠশিল্পী সান্নিধ্য ভূঞা...

৩০ মিনিট পলম হোৱা বাবে বিহু মঞ্চত অপমানিত হ'ল কন্ঠশিল্পী...
গান গোৱাৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈ পৰিমঃ কণ্ঠশিল্পী সান্নিধ্য ভূঞা...

ডিজিটেল ডেস্কঃ আপোনালোকৰ মৰম-আশীৰ্বাদ বিচাৰি এগৰাকী শিল্পী বহু আশাৰে বিহু মঞ্চত অনুষ্ঠান কৰিবলৈ যায়। আপোনালোকে বিচৰা ধৰণে তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰে। কিন্তু কিছু মতৰ অমিল বা সাধাৰণ কোনো বিষয় লৈ সেই শিল্পীগৰাকীক চূড়ান্ত অপমান কৰে একাংশ উন্মাত দৰ্শক বা বিহু সমিতিয়ে।

বিহুমঞ্চত কন্ঠশিল্পীক অপমান কৰাটো বৰ্তমানৰ এক সাধাৰণ বিষয় হৈ পৰিছে। ১২ মে'ত বৰপেটাৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ অনুষ্ঠানটো এনে এক ঘটনা সংঘটিত হয়৷ মাত্ৰ ৩০ মিনিট সময় পলম হোৱা বাবে অপমানৰ সন্মুখীন হয় জনপ্ৰিয় কণ্ঠশিল্পী সান্নিধ্য ভূঞা। উক্ত অনুষ্ঠানত সংগীত পৰিৱেশন কৰাৰ কথা ।সময়তকৈ পলমকৈ বিহুতলীত উপস্থিত হোৱাৰ বাবেই মঞ্চতে অপমান কৰে শিল্পীগৰাকীক।

১১ মে'ত শিৱসাগৰত অনুষ্ঠান সামৰি ১২ মে'ত পুৱা বৰপেটা অভিমুখে ৰাওনা হয় শিল্পীৰ দলটো। বৰপেটাত অনুষ্ঠান পৰিৱেশনৰ সময় আছিল নিশা ১০ বজাত আছিল যদিও সান্নিধ্য ভূঞাসহ দলটো বৰপেটাত নিশা ১০.৩০ বজাত উপস্থিত হয়। অনুষ্ঠানত উপস্থিত হোৱা পূৰ্বৰে পৰা শিল্পীৰ দলটোক ফোনযোগে টানকৈ কথা কৈছিল সমিতিৰ সদস্যই।

মঞ্চত উঠাৰ পাচত একাংশ বয়োজ্যেষ্ঠ লোকে শিল্পীজনৰ মেনেজাৰজনক আগুৰি ধৰি গালি-গালাজ দিয়াৰ লগতে এজনে মাৰিবলৈয়ো খেদি যায়।সুৰামত্ত লোকসকলে মেনেজাৰজনক অশ্লীল ভাষাৰে গালি পৰাৰ লগতে আক্ৰমণ কৰিবলৈ বাৰে বাৰে খেদি আহে।দলৰ আন এজন সদস্যই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও তেওঁকো যথেষ্ট বেয়া মাত মাতি আক্ৰমণ কৰিবলৈ অহা বুলি অভিযোগ কৰে।

ইয়াৰোপৰি কণ্ঠশিল্পীগৰাকীক বাদ্যযন্ত্ৰ ঠিক নহওতেই জোৰ কৰি মঞ্চত উঠাই দিয়া বুলি অভিযোগ কৰিছে তেওঁৰ দলৰ সদস্যই।মঞ্চত উঠা পাছতে কণ্ঠশিল্পী গৰাকীক মঞ্চতে অশ্লীল শব্দৰে গালি গালাজ কৰাৰো অভিযোগ উঠিছে। উক্ত ঘটনা সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

শিল্পীগৰাকীয়ে কয় যে,"এই ঘটনাৰ পাছত সচাকৈয়ে ভাগি পৰিছো। বিহুমঞ্চত প্ৰায়ে কণ্ঠশিল্পী অপমান কৰা কথা শুনি আছিলো।সেইদিনা মোৰ লগতো অনুৰূপ ঘটনা ঘটিল। যদি বিহুৰ মঞ্চত আমাৰ দৰে কণ্ঠশিল্পীসকলৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰে,তেন্তে গান গোৱাৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈ পৰিম ।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in