জাতিটোৰ ভৱিষ্যতৰ বাবে বিজেপিক ভোটদান কৰকঃ আইমী বৰুৱা

জাতিটোৰ ভৱিষ্যতৰ বাবে বিজেপিক ভোটদান কৰকঃ আইমী বৰুৱা

ডিজিটেল সংবাদ, জাগীৰোডঃ আমাৰ পৰিয়ালটোক যিখিনি আশীৰ্বাদ কৰিছে, আপোনালোকৰ বাবে আজি যিখিনি পাইছো, তাৰ ধাৰ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰো। মাত্ৰ অতি গৌৰৱেৰে কওঁ যে আপোনালোকৰ পৰিয়ালৰ এটা অংশ হৈ আছিলো, আছো আৰু সদায় থাকিম। - এই মন্তব্য মোহময়ী অভিনেত্ৰী তথা মন্ত্ৰী পীযুষ হাজৰীকাৰ পত্নী আইমী বৰুৱাৰ। আজি জাগীৰোডত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পত্নী তথা অভিনেত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে।

তেওঁ আৰু কয় যে যেতিয়াই শুনিছো কাৰোবাৰ ঘৰত কিবা অসুবিধা হৈছে, মাতষাৰ লগাবলৈ চেষ্টা কৰিছো। কোনোবা ঢুকাইছে মাতষাৰ লগাইছো, কাৰোবাৰ বিয়া হৈছে মাতষাৰ লগাইছো। আৰু এইখিনি কাম এইবাবেই কৰো কাৰণ আমি নিজকে আপোনালোকৰ পৰিয়াল বুলি ভাবো।

সভাত ৰাইজৰ বিপুল উপস্থিতি সঁহাৰি-সমৰ্থন দেখি অভিনেত্ৰীগৰাকীয়ে কয় যে এই উপস্থিতিয়ে প্ৰমাণ কৰি দিছে যে ৰাইজ কাৰ লগত আছে। এই বিষয়ে নতুনকৈ একো ক'বলগীয়া নাই বুলি অভিনেত্ৰীগৰাকীয়ে কয়। নিৰ্বাচনৰ সময়ত তেওঁ সকলোকে ভোটদান কৰিবলৈ আহ্বান জনায়। তেওঁ প্ৰত্যককে নিজৰ নিজৰ ধুনীয়া ৰাস্তাটোৰ নামত, নিজৰ নিজৰ ধুনীয়া মথাউৰিটোৰ নামত, নিজৰ নিজৰ লৰা-ছোৱালীয়ে পইচা নিদিয়াকৈ পোৱা চাকৰিটোৰ নামত, নিজৰ নিজৰ লৰা-ছোৱালীৰ ভৱিষ্যতৰ নামত, অনুষ্ঠানৰ নামত, জাতিটোৰ ভৱিষ্যতৰ নামত অভিনেত্ৰীগৰাকীয়ে বিজেপিক ভোট দিবলৈ আহ্বান জনায়।

জাতিটোৰ ভৱিষ্যতৰ বাবে বিজেপিক ভোটদান কৰকঃ আইমী বৰুৱা
চিনেমা, ৱেব ছিৰিজঃ মনোৰঞ্জনৰ বাবে নে অপৰাধাৰ পৰিকল্পনাৰ বাবে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in