চিনেমা, ৱেব ছিৰিজঃ মনোৰঞ্জনৰ বাবে নে অপৰাধৰ পৰিকল্পনাৰ বাবে...

চিনেমা, ৱেব ছিৰিজঃ মনোৰঞ্জনৰ বাবে নে অপৰাধৰ পৰিকল্পনাৰ বাবে...

লক্ষ্মীপ্ৰিয়া দত্ত

আমাৰ সমাজখনে কোনফালে গতি কৰিছে? এনেকুৱা এক সময় আছিল, যেতিয়া মানুহে আত্মীয়জনৰ লগত সময় অতিবাহিত কৰিছিল, আপোন জনৰ লগত নিশ্চিন্তমনে সময় পাৰ কৰিবলৈ চিন্তা কৰিবলগীয়া হোৱা নাছিল। কিন্তু এতিয়া সেই সময় নাই। আপোন, পৰ কাকো বিশ্বাসত ল'ব নোৱাৰা এক অৱস্থা। কোনে, কেতিয়া, কাক শেষ কৰি দিয়ে তাৰ কোনো নিশ্চয়তা নাই।

সমস্যা, সংঘাত সকলোৰে জীৱনলৈ আহে। কিন্তু সেই সমস্যাৰ সমাধান কেতিয়াও কাৰোবাৰ জীৱন শেষ কৰি দিয়াটো হ'ব নোৱাৰে। কিমান নিষ্ঠুৰ হ'লে মানুহে মানুহক শেষ কৰিব পাৰে? বৰ্তমান সময়ত বৰ সহজ হৈ পৰিছে কাৰোবাক হত্যা কৰি সাৰি যাবলৈ।

হত্যাৰ দৰে জঘণ্য অপৰাধ এতিয়া তেনেই সাধাৰণ কথা হৈ পৰিছে। কিন্তু প্ৰশ্ন হয় এই পৰিস্থিতিৰ সৃষ্টি হ'ল কেনেকৈ? কিয় মানুহে হেৰুৱাই পেলাইছে মানৱীয়তা? হত্যাৰ দৰে জঘণ্য ঘটনা সংঘটিত কৰিবলৈ ক'ৰ পৰা পাইছে অনুপ্ৰেৰণা?

টেলিভিচন চেনেলৰ সম্প্ৰচাৰিত ধাৰাবাহিক, অ' টি টি প্লেটফৰ্ম আদিত সম্প্ৰচাৰিত হোৱা কিছুমান ৱেব ছিৰিজ, থ্ৰীলাৰ ছিৰিজ আদিয়ে এনে অপৰাধত অৰিহণা যোগাইছে নেকি? বলিউড, হলিউডৰ চিনেমাৰ কিছু কাহিনী, দৃশ্যয়ো ইয়াত অৰহিণা যোগাইছে নেকি? এই প্ৰশ্নও এতিয়া উত্থাপন হৈছে।

২০২০ চনত 'ফেমিলী মেন' নামৰ এখন ৰহস্যধৰ্মী ধাৰাবাহিকত এগৰাকী যুৱতীয়ে এজন মানুহক মাৰি টুকুৰা টুকুৰ কৈ কাটি ফ্ৰীজত লুকুৱাই থৈছিল। ঠিক তাৰ পাছতেই দেশত কেইবাটাও তেনেধৰণৰ অপৰাধ সংঘটিত হৈছিল। দিল্লীত আফতাব আমিন পুণাৱালাই লিভ ইন সম্পৰ্কত থকা নিজৰ প্ৰেয়সীক হত্যা কৰি ফ্ৰীজত ভৰাই থৈছিল। এই হত্যাকাণ্ড ইমানেই জঘণ্য আছিল যে আফতাবে তেওঁৰ প্ৰেয়সী শ্ৰদ্ধা ৱাকাৰৰ দেহ ৩৫ টা টুকুৰা কৰি কাটিছিল। দেহৰ অংশবোৰ দিল্লীৰ বিভিন্ন স্থানত পেলাই দিছিল।

দিল্লীৰ এই জঘণ্য অপৰাধৰ চাঞ্চল্য মাৰ নৌযাওঁতেই তাতোকৌ জঘণ্য আন এক অপৰাধ সংঘটিত হয় গুৱাহাটীত। গুৱাহাটীৰ বন্দনা কলিতা নামৰ এগৰাকী যুৱতীয়ে নিজৰ স্বামী আৰু শাহুক ঠিক একেই প্ৰক্ৰিয়াৰে হত্যা কৰিছিল। বন্দনায়ো স্বামী আৰু শাহুক হত্যা কৰি প্ৰথমে ফ্ৰীজত ভৰাই থৈ পৰৱৰ্তী সময়ত শ্বিলঙৰ বিভিন্ন স্থানত তেওঁলোকৰ দেহৰ টুকুৰা পেলাই দিছিল। ২০২২ তে সংঘটিত কৰা এই হত্যাকাণ্ড পোহৰলৈ আহিছিল ২০২৩ত।

বন্দনা কলিতাই এই অপৰাধ সংঘটিত কৰিছিল পৰকীয়া প্ৰেমজনিত কাৰণতে। এই সময়ছোৱাত দেশৰ আন কেইবাটাও স্থানত এনেধৰণৰ আন কেইবাটাও ঘটনা সংঘটিত হৈছিল।

এনে অপৰাধ সংঘটিত কৰিবলৈ মানুহবোৰে চিন্তা কেনেকৈ কৰিব পাৰে? কিদৰে হত্যা কৰি মৃতদেহক থানথিত লগাব সেই পৰিকল্পনা কৰিবলৈ শিক্ষা ক'ৰ পৰা পায়? আচলতে বহুল সম্প্ৰচাৰিত ফেমলী মেন, ৰুদ্ৰ আদিৰ দৰে থ্ৰীলাৰ বা ৰহস্যধৰ্মী ছিৰিজ, ধাৰাবাহিক বোৰেই ইয়াৰ আঁৰৰ উৎস নেকি?

অপৰাধধৰ্মী কাহিনীৰ আলমত নিৰ্মাণ কৰা এই ধাৰাবাহিক, ছিৰিজসমূহে এচাম মানুহক অপৰাধ কৰিবলৈ প্ৰেৰণা যুগাইছে। কিছুমানে ধাৰাবাহিক, ছিৰিজত দেখুওৱাৰ দৰেই প্ৰক্ৰিয়াবোৰ অনুসৰণ কৰি সেই তেনেদৰেই অপৰাধ সংঘটিত কৰিবলৈ আৰম্ভ কৰিছে।

নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২২ চনত ভাৰতত মুঠ ২৮,৫২২টা হত্যাকাণ্ড সংঘটিত হৈছিল। এই প্ৰতিবেদন অনুসৰিয়েই দেশত গড়ে প্ৰতিদিনে ৭৮টা আৰু প্ৰতি ঘণ্টাত তিনিটাতকৈ অধিক হত্যাকাণ্ড সংঘটিত হৈছে। অৱশ্যে ইয়াৰ পূৰ্বৰ দুটা বছৰতকৈ ২০২২ত হত্যাকাণ্ডৰ সংখ্যা হ্ৰাস পাইছে।

তথ্য অনুসৰি ২০২১ চনত ২৯,২৭২ টা আৰু ২০২০ চনত ২৯,১৯৩ টা হত্যাকাণ্ড সংঘটিত হৈছিল। "ভাৰতত অপৰাধ-২০২২" শীৰ্ষক প্ৰতিবেদনত এই বিষয়ে প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে, ২০২৩ চনৰ প্ৰথম ৮ মাহত অসমত প্ৰায় ১৪০০টা হত্যা, ধৰ্ষণ, ডকাইতিৰ গোচৰ ৰুজু হৈছিল বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল। অসম আৰক্ষীৰ তথ্য অনুসৰি ২০২৩ চনত গুৱাহাটীত আৰক্ষী আয়ুক্তৰ অন্তৰ্গত বিভিন্ন থানাত ৬৭টা হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছিল। এই হত্যাকাণ্ডৰ গোচৰসমূহত অভিযুক্ত ৯৭ জনৰ ভিতৰত ৮১ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰিয়েই কেৱল গুৱাহাটীতে ২০১৯ চনত ৭৪ টা হত্যাকাণ্ড, ২০২০ চনত ৫২টা হত্যাকাণ্ড, ২০২১ চনত ৬২টা হত্যাকাণ্ড, আৰু ২০২২ চনত ৭৪টা হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছে। এয়া কেৱল গুৱাহাটীৰহে তথ্য। যোৱা সময়ছোৱাত গুৱাহাটীত হত্যা, মৃতদেহ উদ্ধাৰৰ ঘটনা বহু বৃদ্ধি পাইছে।

২০২৩ ৰ সম্পূৰ্ণ তথ্য এতিয়াও অসম আৰক্ষীৰ ৱেব চাইটত আপলোড হোৱা নাই। ২০২৪ ৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে বহু কেইটা তেনে ঘটনা সংঘটিত হৈছে।

স্বাভাৱিকতে প্ৰশ্ন উঠিছে, মানুহৰ মাজত বৃদ্ধি পোৱা এনে অপৰাধজনতি মানসিকতাক ধাৰাবাহিক, চিনেমা, অ' টি টি প্লেটফৰ্মত প্ৰচাৰিত ধাৰাবাহিক, ছিৰিজ আদিয়েই প্ৰেৰণা যুগাইছে নেকি? বিশেষকৈ অ' টি টি প্লেটফৰ্মৰ বাবে কোনোধৰণৰ চেঞ্চৰৰ ব্যৱস্থা নথকাত অতি বিভৎস দৃশ্য, কাহিনী আদি প্ৰচাৰ কৰি আহিছে। এ

ইসমূহ অনিয়ন্ত্ৰিতভাৱে প্ৰচাৰ হোৱা কাৰ্যই অপৰাধ প্ৰৱণ মানসিকতাৰ মানুহক অপৰাধ কৰিবলৈ অধিক উৎসাহী কৰি তুলিছে। সমাজত ব্যাধী হৈ পৰা এই সমস্যা আৰু অধিক জটিল হোৱাৰ পূৰ্বেই প্ৰতিৰোধমূলক ব্যৱস্থা গঢ়ি তুলিব লাগিব। অন্যথা চেলুলয়ড দেখা বিভৎস দৃশ্যসমূহ কিন্তু প্ৰতিদিনেই বাস্তৱিক জীৱনত চকুৰ সন্মুখতে আমি চাই থাকিব লাগিব।

চিনেমা, ৱেব ছিৰিজঃ মনোৰঞ্জনৰ বাবে নে অপৰাধৰ পৰিকল্পনাৰ বাবে...
ছ'চিয়েলিষ্ট গাৰ্গৰ নতুন উবাচ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in