অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে নতুন দিল্লীৰ শক্তি আৰু সম্পদ প্ৰতিষ্ঠানৰ বুজাবুজি চুক্তি স্বাক্ষৰ

অসম কৃষি বিশ্ববিদ্যালয়ে বৃহস্পতিবাৰে নতুন দিল্লীৰ শক্তি আৰু সম্পদ প্ৰতিষ্ঠান ( টেৰি)ৰ সৈতে যুটীয়া গৱেষণা আৰু সম্প্ৰসাৰণৰ বাবে চুক্তিবদ্ধ হয় ।
অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে নতুন দিল্লীৰ শক্তি আৰু সম্পদ প্ৰতিষ্ঠানৰ বুজাবুজি চুক্তি স্বাক্ষৰ

ডিজিটেল সংবাদ, যোৰহাট: অসম কৃষি বিশ্ববিদ্যালয়ে বৃহস্পতিবাৰে নতুন দিল্লীৰ শক্তি আৰু সম্পদ প্ৰতিষ্ঠান ( টেৰি)ৰ সৈতে যুটীয়া গৱেষণা আৰু সম্প্ৰসাৰণৰ বাবে চুক্তিবদ্ধ হয় ।জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষাৰ লগতে ভৱিষ্যতে এই দিশৰ অসন্তুলনে কৃষিক্ষেত্ৰত ব্যাপকভাৱে পেলাব পৰা প্ৰভাৱৰ পৰা সকাহ লাভ কৰাৰ বাবে এই চুক্তি সম্পন্ন।

গোলকীয় উষ্ণতা তথা প্ৰদুৰ্ষন ৰোধৰ বাবে বিভিন্ন গৱেষণা কৰি আহিছে দেশৰ অন্যতম গৱেষণা প্ৰতিষ্ঠান টেৰিয়ে। এই চুক্তিৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ে ভয়ংকৰ কাৰ্বন নিৰ্গমন আৰু এই দিশত অসমৰ চহকী জৈৱ বৈশিষ্ট্যৰ জৰিয়তে ইয়াক ব্যৱসায়িক সম্ভাৱনাৰ সৃষ্টিৰ উৎস হিচাপে ব্যৱহাৰৰ দিশত বিশেষ গৱেষণা আৰু পদক্ষেপ হাতত ল'ব ।

আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সভাগৃহত আয়োজিত বিশেষ অনুষ্ঠানত এই বুজাবুজিৰ চুক্তিৰ বিষয়ে প্ৰকাশ কৰে নতুন দিল্লীৰ শক্তি আৰু সম্পদ প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ড:বিভা ধাৱান আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই। সাংবাদিকৰে হোৱা বাৰ্তালাপত ড: ধাৱানে কয় যে সমগ্ৰ বিশ্বতে কাৰ্বনে এক ভয়াবহ ৰূপ ধাৰন কৰিছে । বিভিন্ন উদ্যোগিক ক্ষেত্ৰৰ পৰা নিৰ্গত কাৰ্বনেই হওক বা আন আন ক্ষেত্ৰৰ পৰা নিৰ্গত কাৰ্বনেই হওক ভয়ংকৰ প্ৰদুৰ্ষন সৃষ্টি কৰি আশনি সংকেত কঢ়িয়াইছে । এই দিশত টেৰিয়ে বহুদিনৰ পৰা গৱেষণা কৰি আহিছে। এতিয়া এই চুক্তিৰ পাছত বিশ্ববিদ্যালয়ৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ চহকী জৈৱ বৈশিষ্ট্যৰ জৰিয়তে কাৰ্বন নিৰ্গমন দিশৰ সম্ভাৱনা সমুহ আগুৱাই নিবলৈ যত্ন কৰা হ'ব ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ হৈ কৃষি গৱেষণা সঞ্চালক ড: অশোক ভট্টাচাৰ্য আৰু টেৰিৰ হৈ প্ৰশাসনিক সেৱাৰ জেষ্ঠ্য সঞ্চালক ড: দীপাংকৰ চহৰীয়াই চুক্তিত স্বাক্ষৰ কৰে । অসম কৃষি বিশ্ববিদ্যালয়ে এই চুক্তিৰ জৰিয়তে আগবঢ়াবলগীয়া গৱেষণা আৰু পদক্ষেপ সম্পৰ্কত উপাচাৰ্য ড: ডেকাই কয় যে কাৰ্বন নিৰ্গমনৰ বিষয়টো সন্দৰ্ভত আমি ব্যৱসায়িক সুযোগৰ দিশেৰে বিশেষ পৰ্যালোচনা কৰিবলৈ আগবাঢ়িছো ।

গছ গছনিয়ে কাৰ্বন শোষন কৰি মাটিৰ সৈতে সংপৃক্ত কৰে আৰু মাটিৰ সৈতে সংপৃক্ত হৈ থকা এই কাৰ্বনৰ পৰা শক্তি উৎপাদন কৰিব পাৰি। এনেদৰে সংপৃক্ত হৈ থকা কাৰ্বন বিশ্বৰ আগশাৰীৰ বহুকেইখন দেশৰ সৈতে বিনিময় কৰি আৰ্থিক ভাৱে লাভাৱান্বিত হ'ব পৰা যাব । এই পৰিকল্পনাৰ জৰিয়তে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ে দিল্লীৰ শক্তি আৰু সম্পদ প্ৰতিষ্ঠানৰ সৈতে চুক্তিবদ্ধ হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ চহকী জৈৱ বৈশিষ্ট্যৰ জৰিয়তে আমি এই দিশত আগবাঢ়ি যাব বিছাৰিছো ।

এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ মহাগাণনিক ড: নিলোৎপল বৰঠাকুৰ, কৃষি বিজ্ঞান গুৰু ড: জয়ন্ত ডেকা, ছাত্ৰ কল্যাণ সঞ্চালক ড: ৰাণা প্ৰতাপ ভূঞা,সামুহিক বিজ্ঞান গুৰু ড: মামনি দাস, সহযোগী কৃষি গৱেষণা সঞ্চালক ড: মৃণাল শইকীয়া, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: ৰঞ্জিত কুমাৰ সাউদ, যুটীয়া পঞ্জীয়ক ড: ৰমেন কুমাৰ শৰ্মাৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ উচ্চপদস্থ বিষয়াসকলক উপস্থিত থাকে ।

আৰু পঢ়ক: যোৰহাট অপহৰণ কাণ্ড! বন্ধুৰ সৈতে মিলি অমৰজিতে পিতৃক দাবী কৰিছিল ৫০ লাখ টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in