/asomiyapratidin/media/media_files/2025/06/12/E3jwRYYSMa14HUOA6Ko9.jpg)
ডিজিটেল ডেস্কঃ আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত মুহূৰ্ততে জলি গ'ল এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমান। ঘটনা সংঘটিত হোৱা লগে লগে এন ডি আৰ এফৰ চাৰিটা দল দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে।
জানিব পৰা মতে বিমানখনৰ কমাণ্ড কেপ্তেইন আছিল সুমিত সৱৰৱাল। ইয়াৰ উপৰিও তেওঁক সহায় কৰিবলৈ ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুণ্ডাৰো বিমানখনত উপস্থিত আছিল। দুয়োগৰাকী বহু অভিজ্ঞতা সম্পন্ন পাইলট বুলি জানিব পৰা গৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, কেপ্তেইন সুমিত সভাৰৱালৰ ৮২০০ ঘন্টা পৰ্যন্ত বিমান চলোৱাৰ অভিজ্ঞতা থকাৰ লগতে সহ-পাইলট ক্লাইভ কুণ্ডাৰেও ১১০০ ঘন্টালৈ বিমান উৰুৱাৰ ৰেকৰ্ড আছে।
প্ৰাপ্ত তথ্য অনুসৰি, বিমানখনে ২৩ নং ৰাণৱেৰ পৰা দিনৰ প্ৰায় ১:৩৮ বজাত আহমেদাবাদৰ পৰা উৰা মাৰিছিল। ২৩ নং ৰাণৱেৰ পৰা উৰণৰ প্ৰায় এক মিনিট পিছতে বিমানখন বিমানবন্দৰৰ পৰিধিৰ বাহিৰত দুৰ্ঘটনাগ্ৰস্ত হয়।