Advertisment

আগন্তক পঞ্চায়ত নিৰ্বাচনক লৈ হাটশিঙিমাৰীত অগপৰ কৰ্মশালা...

অগপৰ দলীয় কৰ্মশালাৰ অন্তত মন্ত্ৰী কেশৱ মহন্ত সাংবাদিকৰ সৈতে হোৱা মত এক দেশ এক নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ বিভিন্ন মতামত প্ৰকাশ কৰে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ আগন্তক পঞ্চায়ত নিৰ্বাচনক লৈ হাটশিঙিমাৰীত বুধবাৰে বিয়লি অসম গণ পৰিষদে ৩৫ খন গাঁও পঞ্চায়তৰ কৰ্মী সকলৰ মাজত এক কৰ্মী কৰ্মশালা অনুষ্ঠিত কৰে। এই কৰ্মী কৰ্মশালাত অগপৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে।

Advertisment

উল্লেখযোগ্য যে, অসম গণ পৰিষদৰ মানকাচৰ বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত আয়োজন কৰা দলীয় কৰ্মী কৰ্মশালাখনত মন্ত্ৰী কেশৱ মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে প্ৰাক্তন বিধায়ক জাবেদ ইছলাম বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল। আগন্তক পঞ্চায়ত নিৰ্বাচনক লৈ অগপৰ ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত থকা মন্ত্ৰী গৰাকী মানকাচৰৰ ৩৫ খন গাঁও পঞ্চায়তৰ কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে।

নিৰ্বাচনত কিদৰে জনপ্ৰতিনিধি সকল ৰাইজৰ পদুলিত নিৰ্বাচনী প্ৰচাৰ চলাব তাক লৈও বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। দলীয় কৰ্মশালাখনত মন্ত্ৰী গৰাকীৰ লগতে প্ৰাক্তন বিধায়ক জাবেদ ইছলামেও ভাষণ প্ৰদান কৰি দলীয় কৰ্মী সকলক আইটি ছেলৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়।

অগপৰ দলীয় কৰ্মশালাৰ অন্তত মন্ত্ৰী কেশৱ মহন্ত সাংবাদিকৰ সৈতে হোৱা মত এক দেশ এক নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ বিভিন্ন মতামত প্ৰকাশ কৰে। তদুপৰি পঞ্চায়ত নিৰ্বাচনত পুনৰ তিনি গগৈ একলগ হৈ অগপ-বিজেপিৰ একো কৰিব নোৱাৰে বুলিও মন্ত্ৰী গৰাকীয়ে তিনি গগৈক সমালোচনা কৰা পৰিলক্ষিত হয়।

হাটশিঙিমাৰী