অশান্ত মণিপুৰঃ পুনৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ পৰ্ব...

অশান্ত মণিপুৰঃ পুনৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ পৰ্ব...

ডিজিটেল ডেস্কঃ মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে ৬ টা ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। ভাৰতীয় নির্বাচন আয়োগে এই সন্দর্ভত এক বিশেষ নির্দেশনা জাৰি কৰিছে। অহা ৩০ এপ্ৰিলত পুৱা ৭ বজাৰ পৰা আবেলি ৪ বজালৈ ভোটগ্রহণ কেন্দ্ৰকেইটাত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব।

উল্লেখযোগ্য যে যোৱা ২৬ এপ্রিলত এই ৬ টা ভোটগ্রহণ কেন্দ্রত সংঘটিত হোৱা ব্যাপক খেলিমেলিৰ বাবে নির্বাচন আয়োগে ভোটগ্রহণ প্রক্রিয়া বাতিল কৰিছিল। ৰাজ্যখনৰ উখৰুল জিলাৰ ৫ টা ভোটগ্রহণ কেন্দ্র আৰু সেনাপতি জিলাৰ এটা ভোটগ্রহণ কেন্দ্রত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব।

অশান্ত মণিপুৰঃ পুনৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ পৰ্ব...
পুনৰ অশান্ত মণিপুৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in