দলগাঁৱত বাঘৰ পিছত এইবাৰ গঁড়ৰ আতংক

দৰঙৰ দলগাঁৱত বাঘৰ পিছত এইবাৰ গঁড়ৰ আতংক। দলগাঁওৰ ৩ নং শ্যামপুৰত বুধবাৰে পুৱা গঁড়ৰ মুক্ত বিচৰণ পৰিলক্ষিত হয়। নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত গঁড়টো ওলাই অহাৰ সন্দেহ ৰাইজৰ।

author-image
Asomiya Pratidin
New Update
479

ডিজিটেল সংবাদ, মঙলদৈ : দৰঙৰ দলগাঁৱত বাঘৰ পিছত এইবাৰ গঁড়ৰ আতংক। দলগাঁওৰ ৩ নং শ্যামপুৰত বুধবাৰে পুৱা গঁড়ৰ মুক্ত বিচৰণ পৰিলক্ষিত হয়। নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত গঁড়টো ওলাই অহাৰ সন্দেহ ৰাইজৰ।

জনবসতিপূৰ্ণ অঞ্চলত গঁড় ওলাই অহাৰ বাবে সম্প্ৰতি শংকিত হৈছে স্থানীয় ৰাইজ। পুৱা এখন পুখুৰীত গঁড়টোৱে আশ্ৰয় লৈছিল কিন্তু পিছত  মাকৈ খেতিত আশ্ৰয় লয় গঁড়টোৱে।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হৈ গঁড়টোক উদ্যানৰ ফালে খেদি পঠোৱাৰ চেষ্টা অব্যাহত ৰাখিছে।

darrang