ভাৰত-শ্ৰীলংকাৰ মেচৰ পূৰ্বে বেয়া খবৰ...

ভাৰত-শ্ৰীলংকাৰ মেচৰ পূৰ্বে বেয়া খবৰ...
ভাৰত-শ্ৰীলংকাৰ মেচৰ পূৰ্বে বেয়া খবৰ...

ডিজিটেল ডেস্কঃ বেয়া খবৰ ! গুৱাহাটীত দললৈ প্ৰত্যাৱৰ্তন নকৰে যশপ্ৰীত বুমৰাহে। দীৰ্ঘদিন ধৰি দলৰ পৰা বাহিৰত থকা বুমৰাহে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলাৰ কথা আছিল যদিও শেষ মুহূৰ্তত দলৰ পৰা বাদ দিয়া হৈছে য়ৰ্কাৰ বিশেষজ্ঞ বলাৰগৰাকীক।

বি চি চি আইৰ সূত্ৰ অনুসৰি বুমৰাহক সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন। অৱশ্যে বুমৰাহৰ স্থানত দলীয় মেনেজমেণ্টে দলত কাক অন্তৰ্ভুক্ত কৰে বি চি চি আইয়ে সেয়া এতিয়াও প্ৰকাশ কৰা নাই।

উল্লেখ্য যে ১০ জানুৱাৰী, মঙললবাৰে অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন এদিনীয়া। ইতিমধ্যে দুয়োটা দলৰ খেলুৱৈসকল আহি গুৱাহাটীত উপস্থিত হৈছে‌। আজি দুয়োটা দলৰ খেলুৱৈসকলে নিয়মমাফিক অনুশীলনত অংশগ্ৰহণো কৰিছে।

মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া খেলখনত অংশগ্ৰহণ কৰা খেলুৱৈসকল হ'ল- ৰোহিত শৰ্মা (অধিনায়ক) শভমন গিল, বিৰাট কোহলি, সূৰ্য কুমাৰ যাদৱ, শ্ৰেয়াস আয়াৰ, কে এল ৰাহুল (উইকেট কিপাৰ) ঈশান কিষাণ (উইকেট কিপাৰ), হাৰ্ডিক পাণ্ডিয়া (উপ-অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, য়ুযবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, অক্সৰ পেটেল, মহম্মদ ছামি, মহম্মদ ছিৰাজ, উমৰান মালিক আৰু অৰ্শদীপ সিং।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in