/asomiyapratidin/media/media_files/2025/01/20/UBM2RYOaFFMG66EshNOQ.jpg)
Advantage Assam 2.0: Exploring the mutual path of growth of Assam and South Korea...
ডিজিটেল সংবাদ, গুৱাহাটী : গুৱাহাটীত অনুষ্ঠিতব্য অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই দক্ষিণ কোৰিয়া ভ্ৰমণৰ দ্বিতীয় দিনা দক্ষিণ কোৰিয়াৰ শিল্পপতি-বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত অধ্যক্ষতা কৰে। এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ সময়ত সমগ্ৰ বিশ্বৰ পৰা উদ্যোগীৰ অংশগ্ৰহণ বিচাৰি মালয়েছিয়া, থাইলেণ্ড, ডুবাই আদিকে ধৰি বিভিন্ন দেশত এডভান্টেজ আছাম ৰোড শ্ব' বুলি অভিহিত কৰা এই প্ৰচাৰ সভাসমূহ অনুষ্ঠিত কৰা হৈছে।
/asomiyapratidin/media/media_files/2025/01/20/97xmRaYYlH8K0mcqzFn5.jpg)
ড০ শর্মাই কোৰিয়াত ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চৰ দ্বাৰা আয়োজিত কোৰিয়াৰ ১০০ ৰো অধিক উদ্যোগপতি-নেতাৰ সৈতে বৈঠকত তেওঁলোকক অসমত বিনিয়োগৰ পথ অন্বেষণ কৰিবলৈ আহ্বান জনায়। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্রহণ কৰিবলগীয়া মেগা সম্মিলনত অংশগ্রহণ কৰিবলৈ কোৰিয়াৰ এটা প্রতিনিধি দলক আমন্ত্রণ জনায়।
/asomiyapratidin/media/media_files/2025/01/20/qJOmdYuKHfH7XOasowTl.jpg)
মুখ্যমন্ত্রীয়ে অধ্যক্ষ কাং কিউংচুঙৰ নেতৃত্বত কোৰিয়া বাণিজ্য-বিনিয়োগ প্ৰচাৰ সংস্থাৰ (কোট্টা)ৰ এটা প্রতিনিধি দলৰ সৈতে অসম আৰু কোৰিয়াৰ মাজত বাণিজ্য, উদ্যোগ আৰু দক্ষতাৰ ক্ষেত্ৰত অংশীদাৰী বিকাশৰ দিশত আলোচনা অনুষ্ঠিত কৰে। বৈঠকৰ পাছত কোৰিয়াৰ সংবাদ মাধ্যমকো মুখ্যমন্ত্রীয়ে সম্বোধন কৰে।
/asomiyapratidin/media/media_files/2025/01/20/JA9HrEaMECRIGDHrLbYP.jpg)
সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কোৰিয়া অটোমোবাইল পার্টছ ইণ্ডাষ্ট্রী প্রমোচন ফাউণ্ডেচনৰ এটা প্রতিনিধি দলৰ সৈতে বাৰ্তালাপত মিলিত হয়। এই বাৰ্তালাপত মুখ্যমন্ত্রীয়ে অসম এক অটোমোবাইল নির্মাণ পৰিস্থিতিতন্ত্ৰৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ- সামাজিক দৃশ্যপট সলনি কৰাৰ বিষয়ে উল্লেখ কৰে। তেওঁ দক্ষিণ কোৰিয়াৰ অটোমোবাইল প্রতিষ্ঠানসমূহৰ মুখ্য কার্যবাহী বিষয়া তথা আন বিষয়াবৰ্গৰ সৈতে হোৱা বৈঠকত তেওঁলোকৰ সমর্থন বিচাৰে।
/asomiyapratidin/media/media_files/2025/01/20/OPNpUMq9rSLH0rwcLizQ.jpg)
তেওঁ উল্লেখ কৰে যে অসমত বিনিয়োগে ১০০ বিলিয়ন ডলাৰৰ ভাৰতীয় অটোমোবাইল উদ্যোগটোৰ লগতে দক্ষিণ-পূব এছিয়াৰ বজাৰ সংযোগো লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে ২১ জানুৱাৰীত বিভিন্ন বিনিয়োগকাৰী আৰু সংস্থাৰ সৈতে এডভান্টেজ আছাম ২.০ৰ বিষয়ে আন কেইটামান কার্যসূচীত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানসমূহৰ আয়োজনত কোৰিয়াত থকা ভাৰতীয় দূতাবাসে সক্ৰিয়তাৰে সহযোগ আগবঢ়াইছে।