বিশ্বনাথত ৬২টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ল ADRE ৰ তৃতীয় বৰ্গৰ পৰীক্ষা...

বিশ্বনাথত ৬২টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ল ADRE ৰ তৃতীয় বৰ্গৰ পৰীক্ষা...
Published on
Updated on

ডিজিটেল সংবাদ,বিশ্বনাথঃ অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা, ২০২৪, চমুকৈ ADRE, সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাতো অনুষ্ঠিত কৰা হৈছে। প্ৰথম পৰ্যায়ৰ পৰীক্ষাত বিশ্বনাথ জিলাত ২৬,৯৪০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।

বিশ্বনাথৰ পৰীক্ষা পৰ্যবেক্ষক মাহমুদ হাচানে জনোৱা মতে বিশ্বনাথ জিলাৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হোৱা ২৬,৯৪০ গৰাকী পৰীক্ষাৰ্থীৰে ১৪,৬১৯ গৰাকী পুৰুষ আৰু ১২,৩২১ গৰাকী মহিলা পৰীক্ষাৰ্থী।

আনহাতে জিলাখনত মুঠ ১৫০ গৰাকী দিব্যাংগ পৰীক্ষাৰ্থীও আজিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে। সেইদৰে জিলাখনৰ মুঠ ৬২টা পৰীক্ষা কেন্দ্ৰৰ ১৯টা পৰীক্ষা কেন্দ্ৰত মহিলা পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। এই পৰীক্ষাৰ সময়চোৱাত জিলা প্ৰশাসন তথা জিলা আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে।

আনহাতে এই পৰীক্ষা কেন্দ্ৰ সমূহত মহিলা পৰীক্ষাৰ্থীৰ সন্তান সমূহক পিতৃ তথা ঘৰৰ আন সদস্যই কোলাত লৈ থকা দৃশ্যও দেখা গৈছে। তদুপৰি বিশ্বনাথৰ এটা পৰীক্ষা কেন্দ্ৰত হুইল চেয়াৰত বহিও এজন লোক পৰীক্ষা দিবলৈ আহিছে।

বিশ্বনাথৰ সমান্তৰালকৈ দৰঙতো কটকটীয়া নিৰাপত্তাৰ মাজত অসম চৰকাৰৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হৈছে। জিলাখনৰ ৭৭টা কেন্দ্ৰত নিৰাপত্তা বেষ্টনীৰ লগতে চিচি কেমেৰাৰ নিৰীক্ষণৰ মাজত এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছে ৷ শিক্ষাৰ্থী সকলে চৰকাৰৰ এই প্ৰচেষ্টাক আদৰণি জনাইছে ৷

বিশ্বনাথত ৬২টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ল ADRE ৰ তৃতীয় বৰ্গৰ পৰীক্ষা...
সাহস নে মৰসাহঃ ১০৬৩ফুট দ' গুহাৰ ৰহস্য ভেদ কৰিলে এগৰাকী ইউটিউবাৰে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in