ডিজিটেল ডেস্কঃ কিমান সলনি হৈছে পৃথিৱীখন, কেতিয়াবা লক্ষ্য কৰিছেনে? পূৰ্বতে ভাৱিবলৈও ভয় কৰা বহু কাম এতিয়া ব্য়ক্তিগতভাৱেই বহুতে কৰি আছে। শেহতীয়াকৈ আমেৰিকাৰ এগৰাকী ইউটিউবাৰেও কৰিলে এনে এটা কাম।
আমেৰিকাৰ সবাতোকৈ দ এটা গুহাঁ। গুহাটোলৈ কোনো মানুহ বা বিজ্ঞানী আজিলৈকে যোৱা নাই। ভুপৃষ্ঠৰ পৰা প্ৰায় ১২মাইল অৰ্থাত ১০৬৩ফুঁট দ'এই গুহাটোৰ নাম হৈছে এলিয়েন গুহা। গুহাটোক লৈ প্ৰবাদ আছে যে, অন্যগ্ৰহৰ প্ৰাণী অৰ্থাৎ এলিয়েন আহি তাত বাস কৰে। সেয়েহে কোনো মানুহ তালৈ যাবলৈ সাহস নকৰে। যাৰ বাবে গুহাটোৰ নামেই ৰখা হৈছিল এলিয়েন গুহা।
উৎকন্ঠা থাকিলেও মানুহে সাহস নকৰা এই গুহাটোৰ ৰহস্য ভেদ কৰিলে এগৰাকী ইউটিউবাৰে। ইউটিউবাৰগৰাকীয়ে শেহতীয়াকৈ গুহাটোলৈ প্ৰেৰণ কৰিলে এটা হাইটেক কেমেৰা। এই কেমেৰাটোৱে তুলি আনিছে পূৰ্বতে কেতিয়াও নেদেখা গুহাঁটোৰ বহু আলোকচিত্ৰ।
শেহতীয়াকৈ বহুকেইটা নিউজ এজেন্সীত প্ৰকাশ পাইছে এই ইউটিউবাৰগৰাকীয়ে তোলা আলোকচিত্ৰ। প্ৰথমে কেমেৰা আৰু তাৰ পিছত গুহাটোৰ ভিতৰলৈ নিজে গৈ কেইবাখনো আলোকচিত্ৰ তুলি আনিলে ইউটিউবাৰগৰাকীয়ে।
ইউটিউবাৰগৰাকীয়ে কৰা এই কামক লৈ এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে। বহুতে ইউটিউবাৰগৰাকীৰ এই কৰ্মক সাহসীকতাৰ নিদৰ্শন বুলি অভিহিত কৰিছে যদিও বহুতে এই কাৰ্যক মৰসাহ বুলিও কৈছে।