দ্ৰৌপদী মুৰ্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি মন্তব্য কংগ্ৰেছ নেতাৰ, উত্তাল সদন…

দ্ৰৌপদী মুৰ্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি মন্তব্য কংগ্ৰেছ নেতাৰ, উত্তাল সদন…

author-image
asomiyapratidin
New Update
দ্ৰৌপদী মুৰ্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি মন্তব্য কংগ্ৰেছ নেতাৰ, উত্তাল সদন…

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক লৈ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জনে বিবাদিত মন্তব্য কৰাৰ পাছতেই  সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।এই সন্দৰ্ভত লোকসভা আৰু ৰাজ্যসভা দুয়ো সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

Advertisment

সদনত চলি আছে বৰ্ষাকালীন অধিবেশন। কিন্তু সাংসদ অধীৰ ৰঞ্জনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক 'ৰাষ্ট্ৰপত্নী' বুলি মন্তব্য কৰাক লৈ উত্তাল হৈছে সদন। নেতা গৰাকীৰ এই মন্তব্যৰ পাছতেই ক্ষমা খোজাৰ দাবী তুলিছে বিজেপিয়ে।

উল্লেখ্য যে, বুধবাৰে সংবাদ মাধ্যমৰ সৈতে কথা বতৰা পতাত সাংসদ গৰাকীয়ে ৰাষ্ট্ৰপতিৰ সলনি 'ৰাষ্ট্ৰপত্নী' শব্দ ব্যৱহাৰ কৰি মন্তব্য কৰে। এই সন্দৰ্ভত স্পষ্টীকৰণ দি বৃহস্পতিবাৰে সাংসদ গৰাকীয়ে কয় যে "মোৰ মুখৰ পৰা ভুলবশত শব্দটো ওলাইছিল। কিন্তু বিজেপিৰ হাতত বিবাদ কৰিবলৈ কোনো কথা নাই বাবে এই কথাটোত বিতৰ্ক কৰিছে"।

আৰু পঢ়ক: বটদ্ৰৱা আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী …

nda president adhir ranjan bjp draupadi murmu congress