বটদ্ৰৱা আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী …

বটদ্ৰৱা আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী …

ডিজিটেল সংবাদ বটদ্ৰৱা: নগাওঁ জিলাৰ অতিকৈ গুৰুত্বপূৰ্ণ অঞ্চল বটদ্ৰৱা এতিয়া পৰ্যবেষিত হৈ পৰিছে  অবৈধ ড্ৰাগছৰ ঘাটিলৈ । বৃহস্পতিবাৰে বটদ্ৰৱা আৰক্ষীয়ে এক অভিযান চলাই ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰে এজন সৰবৰাহকাৰীক ।

 ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো চামগুৰি থানাৰ অন্তৰ্গত কাৱৈমাৰীৰ হানিফ আলি । ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা বটদ্ৰৱা আৰক্ষীয়ে জব্দ কৰিছে ১০.৮৮ গ্ৰাম হিৰ'ইন । বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীত লাহনৰ নেতৃত্বত বটদ্ৰৱা আৰক্ষীয়ে অভিযান চলাই বটদ্ৰৱাৰ জামতলৰ পৰা আটক কৰে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো । সম্প্ৰতি বটদ্ৰৱা আৰক্ষীয়ে অধিক তথ্যৰ বাৰে জেৰা অব্যাহত ৰখাইছে সৰবৰাহকাৰীটোক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in