অভিনেতা-সাহিত্যিক মহৎ চন্দ্ৰ বৰাৰ মৃত্যু...

অভিনেতা-সাহিত্যিক মহৎ চন্দ্ৰ বৰাৰ মৃত্যু...

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ পুৰণিগুদাম চলচলি নলবৰা গাঁৱৰ নিবাসী বিশিষ্ট সমাজকৰ্মী,অৱসৰপ্ৰাপ্ত শিক্ষক,অভিনেতা,সাহিত্যিক, নাট্যকাৰ,বিশিষ্ট তবলা বাদক মহৎ চন্দ্ৰ বৰা( ৮৭)ৰ শনিবাৰে বাধ্যকজনিত কাৰণত নিজা বাসভৱনত মৃত্যু হয়।শিল্পী পেঞ্চনাৰ ,এককালীন সাহিত্যিক পেঞ্চনাৰ হোৱাৰ উপৰিও এজন দক্ষ অভিনেতাৰ মৃত্যুয়ে বৃহত্তৰ পুৰণিগুদাম অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈৰ পৰিচালিত অগ্নিগড়, উত্তৰকাল,নামঘৰীয়াকে ধৰি কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰি তেখেতে বিপুল সমাদৰ লাভ কৰিছিল। মহৎ বৰাই মৃত্যুৰ সময়ত পত্নীসহ তিনিজন পুত্ৰ-বোৱাৰী, নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ যায়।

অসম সাহিত্য সভাৰ আজীৱন সদস্য হোৱাৰ উপৰিও বহু নাট ভাওনাত অভিনয় কৰি বিপুল সমাদৰ লাভ কৰা মহৎ চন্দ্ৰ বৰাৰ মৃত্যুত পুৰণিগুদামৰ বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

অভিনেতা-সাহিত্যিক মহৎ চন্দ্ৰ বৰাৰ মৃত্যু...
ঢকুৱাখনাত ৰোগীৰ জীৱনক লৈ হেতালি একাংশ লেবৰটৰীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in