অভিনেতা অনুপম খেৰে আবৃত্তি কৰিলে "লাচিত" শীৰ্ষক কবিতা...

দৃশ্য-শ্ৰাব্য মাধ্যমৰ কবিতাটিৰ প্ৰযোজনা মীনা মহন্ত আৰু ইন্দ্ৰানী বৰুৱাৰ

author-image
Asomiya Pratidin
New Update
অভিনেতা অনুপম খেৰে আবৃত্তি কৰিলে "লাচিত" শীৰ্ষক কবিতা...

লাচিত বৰফুকন

ডিজিটেল ডেস্কঃ দেশৰ শৌৰ্য-পৰাক্ৰমৰ প্ৰতীক লাচিত বৰফুকনলৈ বিশেষ সন্মান আৰক্ষী বিষয়া তথা লেখক পাৰ্থ সাৰথি মহন্তৰ। মহাবীৰ লাচিত বৰফুকনৰ কৰ্মৰাজী,অদম্য সাহস,বীৰত্ব আৰু বিচক্ষণতাক লৈ পাৰ্থ সাৰথি মহন্তই ৰচনা কৰা "লাচিত (The warrior)" শীৰ্ষক কবিতাটিত আবৃত্তি কৰিছে বলিউডৰ বিশিষ্ট অভিনেতা অনুপম খেৰে।

Advertisment

উল্লেখ্য যে, হিন্দীলৈ অনুবাদ কৰা উক্ত কবিতাটি অভিনেতাগৰাকীয়ে নিজে আবৃত্তি কৰা বুলি টুইটাৰত উল্লেখ কৰে। দৃশ্য-শ্ৰাব্য মাধ্যমত প্ৰস্তুত কৰা এই কবিতাটি অভিনেতা অনুপম খেৰে টুইটাৰযোগে ৰাইজলৈ আগবঢ়াই লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীত মহানায়কগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অভিনেতা অনুপম খেৰে আবৃত্তি কৰিলে
অভিনেতা অনুপম খেৰে আবৃত্তি কৰিলে "লাচিত" শীৰ্ষক কবিতা

অভিনেতাগৰাকীয়ে কয় যে, সেইগৰাকী মহান বীৰৰ অবিহনে হয়তো আজি দেশৰ মানচিত্ৰখনেই সলনি হ'লহেতেন। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা কবিতাটিৰ দৃশ্য-শ্ৰাব্য মাধ্যমত অসমীয়া ভাষাত যুগুত কৰা এই কবিতাটি আবৃত্তি কৰিছিল ড০ অমৰজ্যোতি চৌধুৰীয়ে। দৃশ্য-শ্ৰাব্য মাধ্যমৰ কবিতাটিৰ প্ৰযোজনা আৰু সংগীত ক্ৰমে মীনা মহন্ত,ইন্দ্ৰানী বৰুৱা আৰু বিশিষ্ট সংগীত পৰিচালক পৰাণ বৰকটকীৰ।

আৰু পঢ়কঃ বি.বৰুৱা কৰ্কট প্ৰতিষ্ঠান, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তি...

ANUPAM KHER LACHIT BORPHUKAN parth sarathi mahanta