বি.বৰুৱা কৰ্কট প্ৰতিষ্ঠান, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তি...

শীঘ্ৰেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত মুকলি হ’ব কেঞ্চাৰ বায়’লজীত স্নাতকোত্তৰ আৰু পি এইচ ডি পাঠ্যক্ৰম
guwahati
guwahati

ডিজিটেল ডেস্ক, গুৱাহাটী : যোৱা ২৩ তাৰিখে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিত প্ৰতিষ্ঠানটোৰ হৈ সঞ্চালক ড° অমল চন্দ্ৰ কটকী আৰু বিশ্ববিদ্যালয়খনৰ হৈ উপ-পঞ্জীয়ক (প্ৰশাসনিক) ড° শেখৰকান্তি সৰকাৰে স্বাক্ষৰ কৰে ৷

চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত কেঞ্চাৰ প্ৰতিষ্ঠানটোৰ উপ সঞ্চালক (শৈক্ষিক), উপ সঞ্চালক (প্ৰশাসনিক), জ্যেষ্ঠ বিষয়া-অধ্যাপকৰ লগতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, আইন বিভাগৰ মুৰব্বী ড° বিমল বৈশ্য, সামাজিক কৰ্ম বিভাগৰ মুৰব্বী ড° দীপশিখা কাৰ্পেন্টাৰ, সহকাৰী জনসংযোগ বিষয়া গৌৰী প্ৰসাদ শৰ্মা উপস্থিত থাকে ৷

প্ৰতিষ্ঠানটোৰ চিকিৎসক ডা° ৰূপম ডেকাই আঁতধৰা অনুষ্ঠানত বক্তব্য ৰাখি বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ সঞ্চালক ড° অমল চন্দ্ৰ কটকীয়ে কয় - প্ৰতিষ্ঠানটোৰ বাবে আজিৰ দিনটো এক বিশেষ দিন ৷ কেঞ্চাৰ বায়’লজী বিষয়টোৰ শৈক্ষিক তথা গৱেষণা ক্ষেত্ৰৰ আলোচনাই শিক্ষাৰ্থীসমাজৰ লগতে সমাজখনকো উপকৃত কৰিব লগতে ই নিৱনুৱা সমস্যাও নাইকিয়া কৰিব ৷

অনুষ্ঠানত অংশ লৈ অধ্যাপক মৃদুল হাজৰিকাই বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানখনৰ ৫০ বছৰীয়া যাত্ৰাৰ বাবে শুভকামনা জনোৱাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আগবঢ়োৱা নতুন দিশ সমূহৰ বিষয়ে উল্লেখ কৰে ৷ লগতে তেওঁ আৰু কয়, দুয়োটা অনুষ্ঠানৰ প্ৰচেষ্টাত কেঞ্চাৰ বায়’লজিত বিশ্ববিদ্যালয়খনে আগন্তুক বৰ্ষৰে পৰা স্নাতকোত্তৰ আৰু পি এইচ ডি পাঠ্যক্ৰম শুভাৰম্ভ কৰিব ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in