/asomiyapratidin/media/media_files/2025/03/21/EqBgutKRBgY8qTJ5ehjA.jpg)
বহিঃৰাজ্যলৈ কাম কৰিবলৈ গৈ শ্ৰমিকৰ মৃত্যু
ডিজিটেল সংবাদ, চিৰাং: পুনৰ বহিঃৰাজ্যলৈ কাম কৰিবলৈ গৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ কৰুণ ঘটনা সংঘটিত হৈছে ৰাজ্যত। এইবাৰ চিৰাং জিলাৰ পৰা দক্ষিণ ভাৰতৰ কেৰালাত কাম কৰিবলৈ গৈ এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন শ্ৰমিক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে তিনিজনকৈ শ্ৰমিক। নিহত শ্ৰমিক জনক চিৰাং জিলাৰ কাজলগাঁৱৰ ছাতিপুৰৰ ময়উদ্দিন আলীৰ পুতেক আব্দুৰ ৰহমান (৩৫) বুলি চিনাক্ত কৰা হৈছে। সেই পথ দুৰ্ঘটনাত চিৰাং জিলাৰে বিজনীৰ বিষ্ণুপুৰৰ উত্তম বর্মন (২৬), চিৰঞ্জিত বৰ্মন (২৬) আৰু কাজলগাঁৱৰ হাছলাবাৰীৰ শহৰ আলী (৪৫) আহত হৈ সম্প্ৰতি কেৰালাত চিকিৎসাধীন হৈ আছে। ইয়াৰে বুকুত আঘাত পোৱা কাজলগাঁৱৰ হাছলাবাৰীৰ শহৰ আলী বৰ্তমান সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি হৈ আছে। উত্তম বর্মনৰ এটা ভৰিৰ হাড় ভাগিছে বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰৰ বিয়লি ভাগত কেৰালাৰ বাইনাক জিলাৰ মান্ধাৱাৰী নামৰ ঠাইত চিমেন্টসহ অন্যান্য নিৰ্মান সামগ্ৰী কঢ়িয়াই নি থকা অৱস্থাত বাহনখন দুৰ্ঘটনাগ্ৰস্থ হয়। দুৰ্ঘটনাগ্ৰস্থ বাহনখনত অসমৰ মুঠ ছগৰাকী শ্ৰমিক আছিল। তাৰে এজন শ্ৰমিক নিহত হোৱাৰ বিপৰীতে তিনি গৰাকী গুৰুতৰভাবে হয় আৰু দুজন সামান্য ভাবে আঘাতপ্ৰাপ্ত হয়। শুকুৰবাৰে বিয়লি ভাগত কেৰেলাৰ পৰা বিমান যোগে আব্দুৰ ৰহমানৰ মৃতদেহ প্ৰথমতে বৰঝাৰ বিমানবন্দৰত তাৰপিছত পোনে পোনেই কাজলগাঁৱৰ ছাতিপুৰৰ বাসগৃহলৈ অনা হয়। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান আব্দুৰ ৰহমানে পৰিয়ালৰ পোহপাল দিবলৈ কেৰালাত ৰাজমিস্ত্ৰীৰ কাম কৰিব গৈছিল। আব্দুৰ ৰহমানৰ কফিনবন্দী নিথৰ দেহ ঘৰলৈ অহা পোৱাৰ পিছতেই এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।