জামুগুৰিহাটত পথ দুৰ্ঘটনাঃ আহত ২ আৰোহী

জামুগুৰিহাটত পথ দুৰ্ঘটনাঃ আহত ২ আৰোহী

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত পথ দুৰ্ঘটনাঃ আহত ২ আৰোহী

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ কুসুমটোলাৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ সমীপত চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত দুখন বাহন বিধ্বস্ত হোৱাৰ লগতে দুজন আৰোহী গুৰুতৰ ভাবে আহত হয়।

Advertisment

AS- 32-B-2111 নম্বৰৰ ৱেগনাৰ আৰু AS-12 - AH- 9929 নম্বৰৰ মাৰুটি K-10(কে-টেন) বাহন দুখনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।আহত দুই আৰোহীক ততাতৈয়াকৈ চিকিৎসাৰ বাবে স্থানীয় ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে কুসুমটোলাৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত ইয়াৰ পূৰ্বেও কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে।

Also Read: ওফন্দি উঠিছে কপিলী!

jamugurihat accident