ওফন্দি উঠিছে কপিলী!

ওফন্দি উঠিছে কপিলী!

ডিজিটেল সংবাদ,কামপুৰঃ দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণ আৰু খানদং বান্ধৰ গেট খুলি দিয়াৰ ফলত কামপুৰত কপিলী নদীৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। ফলত কপিলীপৰীয়া ৰাইজ আতংকিত হৈছে।

বিগত বছৰৰ প্ৰলয়ংকাৰী বানত কামপুৰৰ বহুকেইটা অঞ্চলৰ ৰাইজ সৰ্বস্বান্ত হৈ পৰাৰ পাছত পুনৰ বানৰ মুখামুখি হোৱাৰ আশংকাই ৰাইজক চিন্তিত কৰি তুলিছে। শুকাই থকা নদীখন ৰাতিৰ ভিতৰতে ফেনে ফুটুকাৰে বাঢ়ি আজি বিয়লি বিপদ সীমাৰ ওপৰেদি বৈ থকাত নিশাৰ ভিতৰত বহুকেইটা অঞ্চল প্লাৱিত হোৱাৰ আশংকাই দেখা দিছে।

বাতৰি লিখা সময়লৈকে কপিলী নদীৰ বাঢ়নী পানী কোনো অঞ্চলত সোমোৱা নাই যদিও কামপুৰ যমুনামুখ পথত অব্যাহত থকা ভয়াৱহ গৰাখহনীয়াই কেবাটাও অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে। গড়কাপ্তানি পথটোৰ সৰিয়হ তলীৰ ওচৰত কপিলীৰ বাঢ়নী পানীয়ে যিকোনো সময়ত খহাই নিয়াৰ আশংকা কৰা হৈছে।

অৱশ্যে আজি গড়কাপ্তানি বিভাগৰ লোক খহনীয়া এলেকাত উপস্থিত হৈ খহনীয়া প্ৰতিৰোধৰ কিছু ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। বান আহিলেহে বিভাগীয় লোকে খহনীয়া গ্ৰস্ত এলেকাত নাম মাত্ৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰে বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰিছে নৈ পৰীয়া ৰাইজে।

ওফন্দি উঠিছে কপিলী!
খাদ্যত ৰাখক ওলকচু-কোমোৰা শৰীৰে দিব সুস্বাস্থ্যৰ বতৰা!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in