অসমত বিশ্বকাপৰ দুখন লীগ পৰ্যায়ৰ মেচ ! সকলোকে ধন্যবাদ জনালে তৰংগ গগৈয়ে...

সকলোকে ধন্যবাদ জনালে তৰংগ গগৈয়ে
সকলোকে ধন্যবাদ জনালে তৰংগ গগৈয়ে

ডিজিটেল ডেস্কঃ সকলোকে ধন্যবাদ- এইদৰেই ভাৰত-শ্ৰীলংকাৰ এদিনীয়া মেচ সফল পৰিসমাপ্তিৰ অন্তত আজি অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে এক সংবাদ মেলৰ জৰিয়তে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। ম‌ঙ্গলবাৰে সফলতাৰে অনুষ্ঠিত হৈ যোৱা এদিনীয়া মেচখনে আগন্তুক বিশ্বকাপৰ মেচ অসমত অনুষ্ঠিত কৰাৰ বাট মুকলি কৰিলে।

মেচখনত বিৰাট কোহলি আৰু শ্ৰীলংকাৰ অধিনায়ক ছানাকাৰ শতক, ৰোহিত শৰ্মা, শুভমণ গিলৰ অৰ্ধশতকৰ লগতে পৰ্বতোসম স্ক'ৰে বৰ্ষাপাৰা ষ্টেডিয়ামলৈ যোগাত্মক বাৰ্তা কঢ়িয়াই আনিছে। এনেধৰণৰ পিটছ ক্ৰিকেটাৰসকলে বিচাৰে বুলি উল্লেখ কৰে তৰংগ গগৈয়ে।

মেচখনৰ সফল সমাপ্তিয়ে অসম ক্ৰিকেট সন্থাক বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ বাবে দাবী জনোৱাৰ বাট মুকলি কৰিলে। বি চি চি আয়ে বিশ্বকাপৰ অন্তত লীগ পৰ্যায়ৰ দুখন মেচ অসমত অনুষ্ঠিত কৰাৰ সুযোগ প্ৰদান কৰিব বুলিও আশাবাদী তৰংগ গগৈ।

আনহাতে গুৱাহাটী ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড হোৱাৰ বাবে আই পি এলৰো দুখন মেচ অনুষ্ঠিত কৰিব পাৰিব বুলি আশাবাদী সভাপতি তৰংগ গগৈ। ইফালে সংবাদ মেলত তেওঁ ১৮ জানুৱাৰীৰ পৰা গুৱাহাটীত ছিনিয়ৰ ৱ'মেনছ অ' ডি আই অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰে।

মুঠ ৮ টা দলে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাৰ বাবে ১৫ জানুৱাৰীত অসমত আহি উপস্থিত হ'ব দল কেইটা। বি চি চি আইয়ে মহিলা ক্ৰিকেটতো আই পি এল অন্তৰ্ভুক্ত কৰাৰ বাবে এইবাৰ অসমৰ কেইবাগৰাকীও মহিলা ক্ৰিকেটাৰক আই পি এলৰ নিলামৰ বাবে নাম পঞ্জীয়ন কৰা হৈছে বুলিও সংবাদ মেলখনত প্ৰকাশ কৰে তৰংগ গগৈয়ে।

ইফালে অসমত এতিয়া ৰাণৰ বৰষুণ হৈছে বুলি উল্লেখ কৰি মঙ্গলবাৰে কোহলি আৰু ছানাকাৰ শতকৰ পিছত বুধবাৰে আমিনগাঁৱত অসম-মহাৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত হোৱা এখন মেচত পৃথিৱী শ্ব'ৰ ৩৭৯ ৰাণৰ স্ক'ৰৰ কথা উল্লেখ কৰে।

সংবাদ মেলখনত তৰংগ গগৈয়ে মঙ্গলবাৰৰ এদিনীয়া মেচখনত বিৰাট কোহলিৰ শতক অৰ্জনত অসমৰ অনুৰাগীয়ে যিদৰে অভিনন্দন জনাইছিল ঠিক একদৰে শ্ৰীলংকাৰ অধিনায়কে শতক অৰ্জন কৰাৰ সময়তো ষ্টেডিয়ামত উপস্থিত থকা ৩২ হাজাৰ দৰ্শকে কৰা অনুৰূপ আচৰণে অসমৰ অনুৰাগীৰ ক্ৰীড়া সুলভ মানসিকতাৰ এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিলে বুলিও মন্তব্য কৰিছে।

উল্লেখ্য যে, ম‌ঙ্গলবাৰৰ মেচখনত মুঠ ৩২ হাজাৰ দৰ্শক উপস্থিত আছিল। ৩৮ হাজাৰ দৰ্শকৰ বাবে আসন থকা ষ্টেডিয়ামত ৬ হাজাৰ আসন খালী আছিল।

ইয়াৰ কাৰণ ব্যাখ্যা কৰি তৰংগ গগৈয়ে কয় যে, সন্মুখত বিহু থকাৰ বাবে গুৱাহাটীৰ বাহিৰৰ বহু লোকে ইচ্ছা থকা স্বত্বেও মেচ উপভোগ কৰিবলৈ আহিবলৈ নোৱাৰিলে। আনহাতে টি-২০ ক্ৰিকেটৰ জনপ্ৰিয়তায় টেষ্ট মেচৰ দৰে এদিনীয়া ক্ৰিকেটৰ জনপ্ৰিয়তাও হ্ৰাস কৰি আনিছে।

ইফালে জিলা ক্ৰিকেট সন্থা সমূহলৈ ১০ হাজাৰ টিকট প্ৰেৰণ কৰা হৈছিল। কিন্তু ইয়াৰে ৩ হাজাৰ টিকটেই ঘূৰি আহিল। জিলা ক্ৰিকেট সন্থা সমূহৰ হাতত টিকট থকাৰ বিষয়টো ক্ৰিকেট অনুৰাগীয়ে নজনাৰ বাবেও এনদৰে টিকট ঘূৰি আহিল বুলি মন্তব্য কৰে এ চি এৰ সভাপতি গৰাকীয়ে।

মেচখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিত শইকীয়াৰ অৱদানৰ বাবে দুয়োকে ধন্যবাদ জ্ঞাপন কৰাৰ উপৰিও তৰংগ গগৈয়ে সকলো ধৰণৰ সহযোগিতাৰ বাবে জিলা প্ৰশাসন, আৰক্ষী, এ পি ডি চি এলকে ধৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। সংবাদ মাধ্যমৰ যোগাত্মক প্ৰচাৰে মেচখন সফলতাৰে অনুষ্ঠিত কৰাত বিশেষ অৰহিণা যোগালে বুলিও উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in