জয়পুৰত এ.বি.ভি.পিৰ ৰাষ্ট্ৰীয় অধিৱেশনত লাচিত দিৱস উদযাপন...

অধিৱেশনৰ প্ৰাকমুহূৰ্তত লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে বন্তি প্ৰজ্বলন, মাল্যৰ্পণৰ পাছত এখনি সভা অনুষ্ঠিত হয়
jaipur
jaipur

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজস্থানৰ ৰাজধানী জয়পুৰত অনুষ্ঠিত হ'বলগীয়া অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় অধিৱেশনৰ প্ৰাকক্ষণত অসমী আইৰ সু-সন্তান মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন কৰা হয়। অধিৱেশনৰ প্ৰাকমুহূৰ্তত লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে বন্তি প্ৰজ্বলন, মাল্যৰ্পণৰ পাছত এখনি সভা অনুষ্ঠিত হয়।

বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি শ্বগণ ভাই পেটেলৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা নিধি ত্ৰিপাঠীয়ে বীৰপুৰুষ গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰি "মহাবীৰ স্বদেশপ্ৰেমী ভাৰত আৰু অসমৰ বীৰত্বৰ প্ৰতীক স্বৰূপ অসমীয়া সুযোগ্য সন্তান লাচিত বৰফুকন ভাৰতবৰ্ষৰ বাবে গৌৰৱ, তেখেতৰ বীৰত্বৰ কথা আৰু বহুল ভাৱে প্ৰচাৰ কৰাটো আমাৰ কাম্য বুলি মতপোষণ কৰে।"

পৰিষদৰ অসম ৰাজ্যিক সভাপতি ৰবীন কাকতিয়ে আঁতধৰা অনুষ্ঠানটিত ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক আশীষ সৌহানকে প্ৰমুখ্য কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় কাৰ্যকতা সকল উপস্থিত থাকে। উল্লেখ যে, ৰাজস্থানৰ ৰাজধানী জয়পুৰত ২৫ নৱেম্বৰৰ পৰা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় অধিৱেশন অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in