dhuburi
dhuburi

ধুবুৰীত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপন...

বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ মূল অনুষ্ঠান অনুষ্ঠিত কৰা হয়

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ মূল অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে জিলা উপায়ুক্ত দিবাকৰ নাথ, সীমান্ত সুৰক্ষা বাহিনীৰ ডি আই জি আৰ এছ ৰাম প্ৰমুখ্যে উপস্থিত বিশিষ্ট ব্যক্তিসকলে বন্তি প্ৰজ্বলন আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাপন কৰে ৷

এটা বৰগীত পৰিৱেশনৰ পিছতে জিলা উপায়ুক্তই আদৰণি ভাষণ আগবঢ়ায় ৷ অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু মহাবিদ্যালয়ৰ অধ্যাপকে লাচিত বৰফুকনৰ জীৱন আৰু বীৰত্ব সন্দৰ্ভত বক্তৃতা আগবঢ়ায় ৷ গোৱালিনী নৃত্য, ভোৰতাল নৃত্য, সত্ৰীয়া নৃত্য, গোৱালপৰীয়া নৃত্য, বড়ো নৃত্য, দেশ প্ৰেমমূলক নৃত্য প্ৰদৰ্শনৰ লগতে গীত-কবিতা আবৃত্তিৰে মুখৰিত হৈ পৰে অনুষ্ঠানটো ৷ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ সামগ্ৰিক পৰিকল্পনাৰে জিলা প্ৰশাসনে ১৬৭১ চনৰ শৰাইঘাট যুদ্ধৰ বৰ্ণিল ইতিহাসৰ আধাৰত নিৰ্মাণ কৰা 'বীৰ লাচিত' শীৰ্ষক এখন তথ্যচিত্ৰও অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় ৷

তথ্যচিত্ৰখনে উপস্থিত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে ৷ অনুষ্ঠানত লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে আয়োজিত প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহো বিতৰণ কৰা হয় ৷ অনুষ্ঠানস্থলীৰ কাষতে প্ৰদৰ্শনীৰো আয়োজন কৰা হয় ৷ এখন বিপনীত আহোম, মোগল, কোচ, গুপ্ত আদি সাম্ৰাজ্যত প্ৰচলিত বহু বিৰল প্ৰাচীন মুদ্ৰা প্ৰদৰ্শন কৰা হয় ৷

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ধুবুৰী গোটৰ অধীনত বিভিন্ন আত্মসহায়ক গোটৰ মহিলাই প্ৰস্তুত কৰা সামগ্ৰীয়ো ইয়াত প্ৰদৰ্শন কৰা হয় ৷ কাইলৈ পুৱা ১০ বজাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকিবলগীয়া লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠান ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত নতুন দিল্লীৰ পৰা পোনপতীয়াকৈ দেখুওৱা হ'ব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in