ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত অভিজ্ঞান বৰাৰ সোণ..

ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত অভিজ্ঞান বৰাৰ সোণ..

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত অভিজ্ঞান বৰাৰ সোণ..

ডিজিটেল সংবাদ, যোৰহাটঃ গুৱাহাটীত অনুষ্ঠিত আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী ছাব-জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত অসম ৰাজ্যিক দলত প্ৰতিনিধিত্ব কৰা যোৰহাটৰ অভিজ্ঞান বৰাই ল’ৰাৰ ৩৫ কিলোগ্ৰাম শাখাত অসমৰ একমাত্ৰ বক্সাৰ হিচাপে খেলি আজি সোণৰ পদক অৰ্জন কৰি অসমৰ লগতে যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে।

যোৰহাট জিলা এমেছাৰ বক্সিং সন্থাৰ নিয়মীয়া বক্সিং প্ৰশিক্ষাৰ্থী অভিজ্ঞান বৰাই প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত বিপক্ষৰ হাৰিয়ানাৰ খেলুৱৈজনক পৰাস্ত কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা অভিজ্ঞানে নিৰ্বাচিত হৈছে আগন্তক অক্টোবৰত নয়ডাত অনুষ্ঠিত হ’ব লগীয়া ‘কমবাইন নেচনেল বক্সিং’ প্ৰতিযোগিতাত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ।

যোৰহাটৰ পৰা ৰাজ্যিক দলত প্ৰতিনিধিত্ব কৰি সোণৰ পদক লাভৰ লগতে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হোৱা অভিজ্ঞান বৰালৈ আন্তৰিক শুভেচ্ছা জনাইছে যোৰহাট জিলা এমেছাৰ বক্সিং সন্থাৰ সভাপতি ভৱেন্দ্ৰনাথ ভৰালী আৰু সম্পাদক বিদ্যুৎ ফুকনে।

Also Read: প্ৰাক্তন আছু কৰ্মী আৰু সমৰ্থক সহ ২০০ গৰাকীৰ ধেমাজি জিলা কংগ্ৰেছত যোগদান

ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতা