'কা'ৰ বিৰুদ্ধে আছুৰ ঘোষিত কাৰ্যসূচী পালমৰা ধৰণৰঃ অখিল গগৈ...

'কা'ৰ বিৰুদ্ধে আছুৰ ঘোষিত কাৰ্যসূচী পালমৰা ধৰণৰঃ অখিল গগৈ...

ডিজিটেল ডেস্কঃ ডি জি পি জিপি সিঙক পুনৰ সকিয়নী অখিল গগৈৰ ৷ জিপি সিঙে ভয় ভাবুকিৰে এটা জাতিক যদি সৈমান কৰিব পাৰিম বুলি ভাবিছে তেনেহ’লে ভুল ভাবিছে ৷ অখিল গগৈৰ প্ৰশ্ন যে এজন আৰক্ষী প্ৰধানে সংবিধান বিৰোধী কথা কোৱাৰ অধিকাৰ ক’ত পালে ? উচ্চ ন্যায়ালয়ৰ এটা ৰায়ৰ দোহাই দি জিপি সিঙে অসমৰ ৰাইজৰ গণতান্ত্ৰিক আন্দোলনক বাধা দিয়াৰ চেষ্টা কৰিছে ৷ আন্দোলনৰ নামত যদি কোনোৱে ধ্বংস কাৰ্যত লিপ্ত হয় তেতিয়া আইন সংগত ব্যৱস্থা গ্ৰহন কৰাৰ অধিকাৰ আছে ৷ কিন্তু এজন ৰাজনৈতিক ব্যক্তিৰ দৰে কথা কোৱাৰ অধিকাৰ জিপি সিঙৰ নাই ৷

আনহাতে মেট্ৰিক পৰীক্ষাত গণিতৰ প্ৰশ্ন কাকতৰ বিসংগতি সন্দৰ্ভত অখিল গগৈৰ মন্তব্য যে ছেবা এটা অযোগ্য বিভাগ ৷ সুচাৰুৰূপে এটা পৰীক্ষা পৰিচালনা কৰাৰ যোগ্যতাও ছেবা নাই ৷ অখিলৰ দাবী ছাত্ৰছাত্ৰীৰ ক্ষতি নোহোৱাকৈ শিক্ষা বিভাগে এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহন কৰিব লাগে ৷ লগতে শিক্ষা মন্ত্ৰীৰ ক্ষমা বিচৰাৰ দাবী অখিল গগৈৰ ৷

কা বিৰোধী আন্দোলনৰ ক্ষেত্ৰত বৰ্তমান আছুৰ স্থিতিক ক্ষুৰধাৰ সমালোচনা অখিল গগৈৰ ৷ অখিল গগৈৰ মন্তব্য ’কা”ৰ বিৰোদ্ধে আছুৰ ঘোষিত কাৰ্যসূচী পালমৰা ধৰণৰ ৷ এটা ভয়ংকৰ সময়ত আছুৱে বিভিন্ন জাতী জনগোষ্ঠীক লগতলৈ বৃহৎ আন্দোলনত নামিব লাগিছিল যদিও আছুৰ কাৰ্যসূচী চৰকাৰৰ লগত আলোচনা কৰি লোৱা কাৰ্যসূচীৰ দৰে হৈছে ৷যাতে চৰকাৰে বেয়া নাপায় ৷

আগন্তুক লোকসভা নিৰ্বাচৰ বাবে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী তালিকা বুজাবুজিৰ মাজত প্ৰস্তুত সম্পন্ন হৈছে ৷এই মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ আনহাতে কংগ্ৰেছ নেতাৰ বিজেপি গমন সন্দৰ্ভত অখিলৰ মন্তব্য যে বিজেপিয়ে টিভিৰ ধাৰাবাহিকৰ দৰে কাম কৰিছে ৷এজনৰ পাছত আনজন কংগ্ৰেছ নেতাক বিজেপিলৈ নি আগন্তুক লোক সভা নিৰ্বাচনৰ পূৰ্বে ৰাইজক দেখুৱাব খোজিছে যে কংগ্ৰেছ বৰ্তমান একেবাৰে একেবাৰে দুৰ্বল ৷

'কা'ৰ বিৰুদ্ধে আছুৰ ঘোষিত কাৰ্যসূচী পালমৰা ধৰণৰঃ অখিল গগৈ...
লাহোৱালৰ ৰংপুৰীয়াত চাৰ্ভিছ পিষ্টলেৰে গুলীয়াই আত্মহত্যা আৰক্ষী বিষয়াৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in