ৰঙিয়াত শক্তি বিভাগৰ প্ৰতিকৃতি দাহেৰে আছুৰ উত্তাল প্ৰতিবাদ...

ৰঙিয়াত শক্তি বিভাগৰ প্ৰতিকৃতি দাহেৰে আছুৰ উত্তাল প্ৰতিবাদ...

ডিজিটেল সংবাদ, ৰঙিয়াঃ বিদ্যুৎ যোগান নিয়মীয়াকৰণকে ধৰি কেইবাদফীয়া দাবীৰ সমৰ্থনত বৃহস্পতিবাৰে ৰাজ্যজুৰি শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰে আছুৱে। উক্ত কাৰ্যসূচীৰ অংশ হিচাবে ৰঙিয়াৰ বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাইও ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। সভাপতি নিটু ৰাজৱংশী আৰু সাধাৰণ সম্পাদক নৱজিৎ কলিতাৰ নেতৃত্বত ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তৰণীত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰে।

প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ বিদ্যুত যোগান নিয়মীয়া কৰক, বিদ্যুতৰ মাচুল হ্ৰাস কৰক আদি প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। কাৰ্যসূচীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গোলোক ৰাজবংশী আৰু আনোৱাৰ হুছেইনেও অংশগ্ৰহণ কৰে। প্ৰতিবাদ কালত স্থানীয় তুলসীবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

ৰঙিয়াত শক্তি বিভাগৰ প্ৰতিকৃতি দাহেৰে আছুৰ উত্তাল প্ৰতিবাদ...
বিহালীত উদ্ধাৰ ২৭ কেজি ওজনৰ দুটা হাতীৰ দাঁত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in