/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/aasu-mnewsaiudf-and-congress-dipak-sarma-bahi-bahi-varanasi-varansi-face-for-web-AP-full-no-ad-copy.jpg)
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা সম্প্ৰচাৰ হৈ থকা অসমীয়া ভাষাৰ বাতৰি বন্ধ কৰা সিদ্ধান্তক সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰে। লগতে অসমীয়া বিৰোধী এই সিদ্ধান্ত শীঘ্ৰেই প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে ৷
কেন্দ্ৰীয় চৰকাৰৰ অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত মানি লোৱা নহ’ব বুলি ছাত্ৰ সন্থাই কঠোৰভাৱে সকিয়াই প্ৰদান কৰিছে ৷ বিষয়টো লৈ অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাক ছাত্ৰ সন্থাই ধিক্কাৰ দি কয়- অসম চৰকাৰে অসমীয়া ভাষা ৰক্ষাৰ বাবে সাহসেৰে ফলপ্ৰসূ পদক্ষেপ লৈ দেখুৱাওক ৷
চৰকাৰৰ এই সিদ্ধান্ত আৰু ডিব্ৰুগড় কেন্দ্ৰৰ সম্প্ৰচাৰ অব্যাহত ৰখাৰ দাবীত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ২৬ অক্টোবৰত ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰিব । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিব বুলি এক সংবাদ বিবৃতিত জনায়।
ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীদীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শ্ৰীশংকৰজ্যোতি বৰুৱাই ক্ষোভেৰে কয়- অসমত অসমীয়া ভাষা বিৰোধী কাৰ্য সহ্য কৰা নহ’ব ৷ জাতি ভেটি মাটি ৰক্ষা কৰিম বুলি আস্ফালন কৰি অহা ডবল ইঞ্জিনৰ দিল্লী, দিচপুৰৰ চৰকাৰে বাৰম্বাৰ অসমীয়া ভাষাৰ স্বাৰ্থ বিঘ্নিত কৰা সিদ্ধান্ত লৈছে ৷ এই সিদ্ধান্ত বাতিল হ’বই লাগিব ৷