নগাঁৱত 'আৰোহণ' আঁচনিৰ শুভাৰম্ভ...

নগাঁৱত 'আৰোহণ' আঁচনিৰ শুভাৰম্ভ...
নগাঁৱত 'আৰোহণ' আঁচনিৰ শুভাৰম্ভ...

ডিজিটেল সংবাদ নগাঁও: অসম চৰকাৰৰ কেবিনেটৰ নিৰ্দেশ মৰ্মে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি -২০২০ ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ উত্তৰণৰ বাবে দিয়া নিৰ্দেশ অনুসৰি মহামান্য ৰাজ্যপাল মহোদয়ৰ অধিসূচনা মৰ্মে আজি ৪ জানুৱাৰীত নগাঁও জিলাটো নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সমগ্ৰ শিক্ষা অসমৰ অধীনত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত “আৰোহণ” আঁচনিৰ শুভাৰম্ভ কৰা হয় ।

এই আঁচনিৰ অন্তৰ্গত সমগ্র শিক্ষা অসমৰ অধীনত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক একোজনকৈ মেণ্টৰ নিয়োগ কৰাৰ ব্যৱস্থা আছে। এই মৰ্মে ২০২২-২৩ ত জিলাখনৰ চৰকাৰী বিদ্যালয়ৰ পৰা নৱম শ্ৰেণীৰ ২৩৩ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী নিৰ্বাচন কৰা হৈছে আৰু ইতিমধ্যে ২১২ গৰাকী মেণ্টৰ বাচনি কৰা হৈছে যিয়ে ছাত্ৰ-ছাত্ৰীসকলক দ্বাদশ শ্ৰেণীলৈকে আগবঢ়াই নিব ।

এই আঁচনিৰ উদ্বোধনী অনুষ্ঠানত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, অতিৰিক্ত উপায়ুক্ত(শিক্ষা) প্ৰশান্ত বৰুৱা, জিলা শিক্ষা পৰিদৰ্শক, সমগ্র শিক্ষা অসমৰ জিলা প্ৰগ্ৰেম বিষয়া আৰু আমন্ত্ৰিত বাচনিকৃত মেণ্টৰসকল উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in