/asomiyapratidin/media/media_files/2025/07/03/1-2025-07-03-21-05-24.jpg)
ডিজিটেল ডেস্কঃ এইবাৰ বিহাৰ বিধানসভা নিৰ্বাচনত ভাগ্য পৰীক্ষা কৰিবলৈ সাজু হৈছে আম আদমী পাৰ্টি। দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে কোনো মিত্ৰতা অবিহনে ৰাজ্যখনত আম আদমী পাৰ্টিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰিছে।
বৃহস্পতিবাৰে গুজৰাটৰ গান্ধীনগৰত সম্বোধন কৰা এখন সংবাদমেলত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইণ্ডিয়া এলায়েন্সৰ পৰাও বিচ্ছিন্ন হোৱাৰ কথা ঘোষণা কৰা লগতে আম আদমী পার্টিয়ে এইবাৰ বিহাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বুলিও জানিবলৈ দিয়ে৷
ইয়াৰোপৰি অৰবিন্দ কেজৰিৱালে কয় যে, "ইণ্ডিয়া এলায়েন্স কেৱল লোকসভা নিৰ্বাচনৰ বাবে আছিল। এতিয়া আমাৰ ফালৰ পৰা কোনো মিত্ৰতা নাই। কংগ্ৰেছৰ সৈতেও আমাৰ কোনো মিত্ৰতা নাই। যদি আমাৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা আছিল, তেন্তে তেওঁলোকে কিয় বিছাৱাদাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল? তেওঁলোকে আমাক নিৰ্বাচনত পৰাস্ত কৰিবলৈ বিছাৱদাৰলৈ আহিছিল। বিজেপিয়ে আমাক পৰাস্ত কৰিবলৈ কংগ্ৰেছক বিছাৱদাৰলৈ পঠিয়াইছিল।"
সংবাদমেলত অৰবিন্দ কেজৰিৱালে এইবাৰ গুজৰাটৰ নিৰ্বাচনত জয়ী হোৱাৰ কথা দাবী কৰে। তেওঁ কয় যে, আমি গুজৰাটৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ম, নিৰ্বাচনত জয়ী হ’ম আৰু লগতে চৰকাৰ গঠন কৰিম। ৰাজ্যখনত পৰিৱৰ্তনৰ বিশ্বাস এতিয়া প্ৰতিজন গুজৰাটীৰ হৃদয়ৰ কণ্ঠস্বৰ হৈ পৰিছে। এতিয়া গুজৰাট একত্ৰিত হ’ব, এতিয়া গুজৰাট সলনি হ’ব৷ লগতে পুনৰ নিৰ্বাচনত জয়ী হৈ পঞ্জাৱত চৰকাৰ গঠন কৰাৰ দাবী কৰে আপৰ আহ্বায়কগৰাকীয়ে।