পৰাজয়ৰ পাছতো আপে লাভ কৰিব ৰাষ্ট্ৰীয় দলৰ মৰ্যদা...

গুজৰাট বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে ভাল প্ৰদৰ্শন নেদেখুওৱাৰ দলটো ৰাষ্ট্ৰীয় দল হিচাপে পৰগণিত হয়।

author-image
Asomiya Pratidin
New Update
পৰাজয়ৰ পাছতো আপে লাভ কৰিব ৰাষ্ট্ৰীয় দলৰ মৰ্যদা...

ডিজিটেল ডেস্ক: গুজৰাট বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে ভাল প্ৰদৰ্শন নেদেখুওৱাৰ দলটো ৰাষ্ট্ৰীয় দল হিচাপে পৰগণিত হয়। আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দলটোৰ সকলো কৰ্মীক ৰাষ্ট্ৰীয় দল হিচাপে পৰিগণিত কৰাৰ বাবে অভিনন্দন জনাইছে। এনে পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা পোৱাৰ পিছত আপে কিছুমান সুবিধা লাভ কৰিব পাৰে।

Advertisment

উল্লেখ্য যে, আম আদমী পাৰ্টীয়ে তিনিখন ৰাজ্য দিল্লী, পঞ্জাৱ আৰু গোৱাত ৰাজ্যিক পৰ্যায়ৰ দল হিচাপে স্বীকৃতি লাভ কৰিছে। নিয়ম অনুসৰি, যদি কোনো দলে চাৰিখন ৰাজ্যত ৰাজ্যিক দলৰ মৰ্যাদা লাভ কৰে তেন্তে সেই দলটো ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ কৰে।

ৰাজ্যিক দল হ'বলৈ এটা দলে হয় ৩ শতাংশ আসন, দুখন আসন আৰু ৬ শতাংশ ভোট একেলগে পাব লাগিব, বা ৰাজ্যিক বিধানসভা নিৰ্বাচনত ৮ শতাংশ ভোট লাভ কৰিব লাগিব।

আম আদমী পাৰ্টীয়ে গুজৰাটত ৫ খন আসন লাভ কৰিছে আৰু ১২.৯২ শতাংশ ভোট লাভ কৰিছে। যাৰ বাবে আম আদমী পাৰ্টীয়ে গুজৰাটত ৰাজ্যিক পৰ্যায়ৰ দল হিচাপে স্বীকৃতি লাভ কৰিব। ইয়াৰ লগে লগে আপে নিৰ্বাচন আয়োগৰ পৰা এটা ৰাষ্ট্ৰীয় দলৰ মৰ্যাদাও লাভ কৰিব।

আৰু পঢ়ক: বোকাজানত প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ...

gujarat aap