বোকাজানত প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ...

ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ এক বৃহৎ সাফল্য। বোকাজানৰ খটখটিত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ।
বোকাজানত প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ...

ডিজিটেল সংবাদ, বোকাজান: ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ এক বৃহৎ সাফল্য। বোকাজানৰ খটখটিত বৃহস্পতিবাৰে নিশা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ।

দুখন ট্ৰাকৰ পৰা উদ্ধাৰ ৭৫৭.১৫ গ্ৰাম ড্ৰাগছৰ লগতে ৩০ হাজাৰ নিচাযুক্ত টেবলেট। বোকাজান আৰক্ষীৰ গোপন তালাচীত জব্দ এই ড্ৰাগছখিনি।

নাগালেণ্ডৰ পৰা দুখন ট্ৰাকত অতি কৌশলেৰে লুকুৱাই আনিছিল এই ড্ৰাগছখিনি।MN 01 9912 নম্বৰৰ ট্ৰাকখনৰ পৰা ৫৫ পেকেট ড্ৰাগছ আৰু NL02 N 3758 নম্বৰৰ ট্ৰাকখনৰ পৰা ৩০ হাজাৰ নিষিদ্ধ টেবলেট জব্দ কৰিছে আৰক্ষীয়ে।

ধৃত তিনি সৰবৰাহকাৰী ইছলাম উদ্দিন, মহম্মদ চমিৰ আৰু মহম্মদ মানাবিক আটক কৰিছে খটখটি আৰক্ষীয়ে। ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৭ কোটি টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

আৰু পঢ়ক: মনিপুৰৰ উগ্ৰপন্থী সংগঠন এলটিটিৰ কেডাৰ গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in