মানকাচৰত আপৰ অৱস্থান ধৰ্মঘট

বৈদ্যুতিক উপ সংমণ্ডল অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত আপৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

author-image
Asomiya Pratidin
New Update
মানকাচৰত আপৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ,মানকাচৰঃ মানকাচৰত আপৰ অৱস্থান ধৰ্মঘট । ৰাজ্যৰ আন আন জিলাৰ সমান্তৰালভাৱে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো জিলা আম আদমী পাৰ্টীয়ে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি বিদ্যুতৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ৬ দফীয়া দাবী লৈ শক্তি মন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Advertisment

উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলা আম আদমী পাৰ্টীয়ে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মানকাচৰ বৈদ্যুতিক উপ সংমণ্ডল অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। আম আদমী পাৰ্টীৰ জিলা সমন্বয়ক মোস্তাক মহম্মদ মকচেদুল হাচানৰ নেতৃত্বত জিলা সমিতিয়ে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

মানকাচৰত আপৰ অৱস্থান ধৰ্মঘট
মানকাচৰত আপৰ অৱস্থান ধৰ্মঘট

ইয়াৰ পাছত ৬ দফীয়া দাবী সন্মিলিত এখন স্মাৰক পত্ৰ উপায়ুক্তৰ জৰিয়তে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লচাক প্ৰেৰণ কৰে। দাবী কেইটা হৈছে, 'বৰ্দ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ ব্যৱস্থা কৰক', 'ইতিমধ্যে অত্যাধিকভাৱে সংগ্ৰহ কৰা বিদ্যুৎ মাচুল পৰৱৰ্তী বিলৰ জৰিয়তে মিলাই দিয়া', 'বৃহৎ পুঁজিপতি গোষ্ঠীক এ পি ডি চি এলে কোটি কোটি টকা বিদ্যুৎ মাচুল ৰেহাই দি সংঘটিত কৰা দুৰ্নীতিৰ তদন্ত কৰক,' 'এ পি ডি চি এলে সঘনাই বিদ্যুৎ মাছুল বৃদ্ধি কৰা কাৰ্য্য বন্ধ কৰা,' 'স্মাৰ্ট মিটাৰৰ নামত সংঘটিত কেলেংকাৰীৰ তদন্ত কৰা' আৰু '২৪ ঘণ্টা বিদ্যুৎ যোগান ধৰা'ৰ দাবী উত্থাপন কৰিছে।

আৰু পঢ়কঃ ব্ৰহ্মপুত্ৰৰ বুকুৰে চোৰাং গৰুৰ অবৈধ সৰবৰাহ

assam aap