ব্ৰহ্মপুত্ৰৰ বুকুৰে চোৰাং গৰুৰ অবৈধ সৰবৰাহ

নিষিদ্ধ ঘোষিত হোৱাৰ স্বত্বেও বহিঃ ৰাজ্যলৈ পশুধনৰ গোপন সৰবৰাহৰ সুৰক্ষিত আৰু সুচল পথ হিচাপে ব্যৱহৃত হৈ আহিছে ব্ৰহ্মপুত্ৰ নদী পথ ।

author-image
Asomiya Pratidin
New Update
ব্ৰহ্মপুত্ৰৰ বুকুৰে চোৰাং গৰুৰ অবৈধ সৰবৰাহ

ডিজিটেল সংবাদ,ঢকুৱাখনা: নিষিদ্ধ ঘোষিত হোৱাৰ স্বত্বেও বহিঃ ৰাজ্যলৈ পশুধনৰ গোপন সৰবৰাহৰ সুৰক্ষিত আৰু সুচল পথ হিচাপে ব্যৱহৃত হৈ আহিছে ব্ৰহ্মপুত্ৰ নদী পথ । উত্তৰ অসমৰ বিভিন্ন জিলাৰ পৰা গোপন পথেৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈ আনি দৈনিক শ শ পশুধন প্ৰশাসনৰ চকুত ধূলি দি বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰি আহিছে এটা শক্তিশালী চোৰাং  গো বেপাৰী চক্ৰই ।

Advertisment

এনে চোৰাং বেহা উন্মোচিত হ'ল ব্ৰহ্মপুত্ৰ নদীৰ বুকুত  । চিচি টেকেলিফুটা মথাউৰীৰ সমীপেৰে প্ৰবাহিত ব্ৰহ্মপুত্ৰ নদীৰ বুকুৰে বৃহস্পতি বাৰে বিয়লি  শতাধিক পশুধন আৰক্ষীৰ অজ্ঞাতে নাৱেৰে শিৱসাগৰ জিলা হৈ নাগালেণ্ডলৈ সৰবৰাহ কৰা দৃশ্য বন্দী হ'ল  "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ কেমেৰাত ।

দীৰ্ঘদিন ধৰি এই চোৰাং গৰু সৰবৰাহৰ বেহাখনৰ সন্দৰ্ভত উত্থাপিত অভিযোগৰ ভিত্তিত  কৰা তদন্ত কালত  এই অভিযোগৰ সত্যতা প্ৰতিপন্ন হয়। ধেমাজি আৰু লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত পৰা চোৰাং ভাৱে গৰু সংগ্ৰহ কৰি গোপন গ্ৰাম্য পথেৰে আনি ব্ৰহ্মপুত্ৰ নদীৰ চিচিমুখত ফেৰীত উঠাই নিয়মীয়া ভাৱে এই অবৈধ বেহা চলাই অহা বুলি সংবাদ মাধ্যমক মুকলি ভাৱে ব্যক্ত কৰে সৰবৰাহকাৰী সকলে।

ইয়াৰোপৰি তুলিবাৰী চাপৰিত বাহৰ পাতি পশু ধনৰ চোৰাং বেহা এটা বহিঃ ৰাজ্যৰ চক্ৰই দীৰ্ঘ দিন ধৰি এই নিষিদ্ধ বেহা চলাই আহিছে বুলি এইসকল চোৰাং বেপাৰীয়ে জানিবলৈ দিয়ে। লগতে  দিনে নিশাই ফেৰী আৰু ফাইটাৰ নাৱেৰে অব্যাহত ৰখা অবৈধ বেহা চলাই অহাৰ তথ্য খোদ চোৰাং বেপাৰী চক্ৰই সদম্ভে ব্যক্ত কৰা কথাই  নীৰৱ ধেমাজি , লখিমপুৰ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সোপাধিলা চৰিত্ৰ  জনচক্ষুত উন্মোচিত কৰিছে ।

আৰু পঢ়ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰোড শ্ব'ত অঘটন, দৌৰি আহিল যুৱক আৰু পাছত...

assam dhakuakhana brahmaputra