বিজেপি আৰু কংগ্ৰেছ দুয়োটাই দেশ আৰু জাতিৰ বাবে অভিশাপ: ৰাজীব শইকীয়া

বিজেপি আৰু কংগ্ৰেছ দুয়োটাই দেশ আৰু জাতিৰ বাবে অভিশাপ: ৰাজীব শইকীয়া

author-image
Asomiya Pratidin
New Update
বিজেপি আৰু কংগ্ৰেছ দুয়োটাই দেশ আৰু জাতিৰ বাবে অভিশাপ: ৰাজীব শইকীয়া

ডিজিটেল সংবাদ, গোলাঘাটঃ আম আদমি পাৰ্টীৰ গোলাঘাট জিলা সমিতিৰ এখন কার্যকর্তা সভা শনিবাৰে গোলাঘাট নগৰৰ প্ৰগতি চ'ৰাত অনুস্থিত হয়। জিলা কাৰ্যকৰী গোটৰ আহ্বায়ক পুলিন গগৈৰ সভাপতিত্বত অনুস্থিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ডাঃ শশাংক বৰঠাকুৰে।

Advertisment

সভাত বক্তব্য আগবঢ়ায় আপৰ ৰাজ্যিক যুৱ নেতা ৰাজীব শইকীয়াই বিজেপি দল আৰু চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিকল্প ৰাজনৈতিক দল বুলি উল্লেখ কৰি আপৰ নেতাজনে কয় যে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই দেশ তথা ৰাজ্যখনৰ বাবে আর্শীবাদ নহয়। দুয়োটা দলকে আঁকোৱালি নল'বলৈ তেখেতে ৰাইজলৈ আহ্বান জনায়।

সভাত বক্তব্য ৰাখি দলৰ নৱাগত সদস্য ৰমেন বৰঠাকুৰে বিজেপি আৰু কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে । দলৰ ৰাষ্ট্ৰীয় নেতা তথা অসমৰ তত্ত্বাবধায়ক ৰাজেশ শৰ্মাই আগন্তুক পঞ্চায়ত আৰু বিধানসভা নির্বাচনত অকলে প্রতিদ্বন্দিতা কৰা কথা ঘোষণা কৰে। তেখেতে দলৰ প্ৰতিজন কাৰ্যকৰ্তাক ৰাইজৰ ঘৰে ঘৰে গৈ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ আহ্বান জনায়।

কংগ্ৰেছ আৰু বিজেপি একেটা মুদ্ৰাৰ দুটা পিঠি বুলি শর্মাই দুয়োটা দলকে সমালোচনা কৰে। সভাত বিশিষ্ট ব্যৱসায়ী ৰাজীব লোচন গগৈয়ে আপত যোগদান কৰে। সভাত জিলাখনৰ সক্রিয় কার্যকর্তাসকলে অংশগ্রহণ কৰে।

Also Read: মঙলদৈত সুমন ৰাজ সংগীত বিদ্যালয়ৰ শুভাৰম্ভ...

aap assam