/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/4a51819a-0b64-4389-96ab-c10cc615381e/1.jpg)
ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ ষ্টাইল বজাৰৰ সমীপত শনিবাৰে 'সুমন ৰাজ সংগীত বিদ্যালয়'ৰ শুভাৰম্ভ হয়। জনপ্ৰিয় শিল্পী সুমন ৰাজৰ প্ৰচেষ্টাত আৰম্ভ হোৱা এই বিদ্যালয়খন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিশিষ্ট শিল্পী, সাহিত্যিক দ্বিজেন্দ্ৰ মোহন দেৱ শৰ্মাই।
তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'তোৰে মোৰে আলোকৰে যাত্ৰা' শীৰ্ষক গীতটি পৰিবেশন কৰি কয় যে, এই বিদ্যালয়ৰ পৰাই সৃষ্টি হওঁক আমি গৌৰৱ পৰা শিল্পীৰ। তেওঁ লগতে সাধনা অবিহনে জীৱনত সাফল্য লাভ কৰিব নোৱাৰি বুলি উল্লেখ কৰি সকলোকে সাধনা কৰিবলৈ আহ্বান জনায়।
এই অনুষ্ঠানত কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ কাৰ্যকৰী অধ্যক্ষ শেখৰ মজুমদাৰ, সাংবাদিক গণেশ দত্ত, অৱসৰপ্ৰাপ্ত নাৰ্চ চাহজাদী বেগম, সীমা চৌধুৰী, বিপুল হাজৰিকা, তুলিকা চহৰীয়া আদি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। মীৰ চাহিল ইকবালে আঁত ধৰা এই অনুষ্ঠানত সুমন ৰাজে জয়ন্ত হাজৰিকাৰ 'মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব' স্নেহা শেখে দিপালী বৰঠাকুৰৰ 'কণমান বৰশীৰে চীপ' শীৰ্ষক গীত পৰিবেশন কৰি সকলোকে মোহাচ্ছন্ন কৰে।
Also Read: বিধানসভা নিৰ্বাচনপৰ্যন্ত বিজেপিৰ লগ নেৰে অসম গণ পৰিষদে : সভাপতি অতুল বৰা