গুজৰাট নিৰ্বাচন! আপৰ প্ৰাৰ্থীয়ে দল ত্যাগ কৰি যোগদান কৰিলে বিজেপিত...

গুজৰাট বিধানসভা নিৰ্বাচন সমাগত। প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। বিজেপি, কংগ্ৰেছৰ লগতে আপেও নিজৰ স্থিতি দখল কৰাৰ চেষ্টা চলাই গৈছে।

author-image
Asomiya Pratidin
New Update
গুজৰাট নিৰ্বাচন! আপৰ প্ৰাৰ্থীয়ে দল ত্যাগ কৰি যোগদান কৰিলে বিজেপিত...

ডিজিটেল ডেস্ক: গুজৰাট বিধানসভা নিৰ্বাচন সমাগত। প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। বিজেপি, কংগ্ৰেছৰ লগতে আপেও নিজৰ স্থিতি দখল কৰাৰ চেষ্টা চলাই গৈছে।

Advertisment

ইয়াৰ মাজতে আপত পৰিছে মোক্ষম আঘাত। কচ্ছ জিলাৰ আব্দাচা বিধানসভা আসনৰ আপৰ প্ৰাৰ্থী বসন্ত ভালজীভাই খেতানীয়ে দলৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰিছে।

তেওঁ বিজেপি প্ৰাৰ্থীক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে। খেতানীয়ে দেওবাৰে দলৰ পৰা পদত্যাগ কৰে আৰু বিজেপি প্ৰাৰ্থী প্ৰদ্যুমনসিংহ জাদেজাৰ সমৰ্থনত আগবাঢ়ি আহে।

গুজৰাটত ১৮২ খন আসনৰ বাবে অহা ডিচেম্বৰ মাহত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। কচ্চ জিলাৰ নিৰ্বাচনৰ দিন আছিল ১ ডিচেম্বৰ। ইয়াৰ পূৰ্বে আপৰ নেতা গৰাকীৰ পদত্যাগে কি প্ৰভাৱ পেলাই সেয়া হ'ব লক্ষণীয়।

আৰু পঢ়ক: ১ ডিচেম্বৰৰ পৰা কি সলনি হ'ব ফেচবুকত...

gujarat aap bjp