ভগ্নী ধৰ্ষিতা হ’ল, ভাতৃ মৰি গ’ল, খবৰেই নহ’ল...

ভগ্নী ধৰ্ষিতা হ’ল, ভাতৃ মৰি গ’ল, খবৰেই নহ’ল...

মৃদুল কুমাৰ সন্দিকৈ 

আই চি ইউত ভৰ্তি হৈ থকা হিৰণ্ময় খাকলাৰী নামৰ যুৱকজনলৈ চাই মাক বাসন্তী খাকলাৰীয়ে উদ্বিগ্ন সময় পাৰ কৰিছিল। হিৰণ্ময়ৰ খবৰ ল’বলৈ যোৱা প্ৰতিজন মানুহকে তেওঁ এটাই প্ৰশ্ন কৰিছিল- বাচিব না?

ভগৱানৰ ওচৰত পুত্ৰৰ প্ৰাণ ভিক্ষা কৰি উদ্বাৱল হৈ থকা মাতৃৰ বাবে ভাল খবৰ নাহিল। গুৱাহাটীৰ আমিনগাঁৱত থকা জি এন আৰ চিৰ চিকিৎসকে হিৰণ্ময়ৰ মৃত্যুৰ খবৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল ১৬মে’ ২০২৪ৰ নিশা ১২.০০বজাত।

তাৰ পাছত দিশহাৰা হৈ পৰিছিল বাসন্তী খাকলাৰী। গোৱালপাৰা জিলাৰ দুধনৈত ভালাপাৰাত ঘৰ আছিল হিৰণ্ময়ৰ। অতি সাধাৰণভাৱে চলা এটা পৰিয়াল। সৰুতে পিতৃ হীৰালাল খাকলাৰীৰ মৃত্যু হৈছিল। জীৱনৰ প্ৰত্যাহ্বান নেওঁচি হিৰণ্ময় আৰু তেওঁৰ ককায়েকে মাতৃ আৰু ভগ্নীক লৈয়ে পৰিয়ালটোক আগবঢ়াই নিছিল।

কি হৈছিল হিৰণ্ময়ৰ সৈতে? সেই খবৰ হয়তো আপুনি পোৱা নাই। চৌদিশে পিয়াদি ফুৰা সাংবাদিকৰ কেমেৰাই এই খবৰ ঢুকি নাপালে। সেই দিনা আছিল ৩মে’। দুধনৈৰ ফিল্ডত অনুষ্ঠিত হৈ আছিল ৰংজালী বৈশাগু উৎসৱ। নিশা হিৰণ্ময়ে সম্বন্ধীয় ভগ্নীৰ সৈতে বিহু চাবলৈ গৈছিল আন এগৰাকী কিশোৰীৰ সৈতে।

বৈশাগু উৎসৱ চাই উভতি আহোতে ধন তালুকদাৰ নামৰ এটা পাষণ্ডই লগত আৰু কেইজনমানক লৈ এই দুই কিশোৰীক বলাৎকাৰ কৰে। টঙাবাৰী নামৰ গাওঁখনৰ এটা ইটাভাটাত এই অপকৰ্ম কৰি দুই কিশোৰীক পেলাই থৈ গৈছিল পথত।

এই বলাৎকাৰৰ খবৰে কাৰোৰে দৃষ্টি আকৰ্ষণ নকৰিলে। বাতৰি বিচাৰি ফুৰা মানুহৰ বাবে এনে জঘন্য খবৰ এটা সাধাৰণ খবৰ হৈয়ে ৰৈ গ’ল। সুবিধা পালেই প্ৰতিবাদত নমা জাতীয় দল-সংগঠনে দৰিদ্ৰ এই কিশোৰী দুগৰাকীক এনে দশা কৰা অপৰাধীৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহিবলৈ এষাৰ মাত মাতিবলৈ সময় নাপালে।

দুধনৈত থানাত কিশোৰী দুগৰাকীৰ পৰিয়ালে এটা গোচৰ ৰুজু কৰিলে। দুধনৈ থানাত ৰুজু কৰা বলাৎকাৰৰ গোচৰ নম্বৰ আছিল ৩৫/২৪। এই বলাৎকাৰ কাণ্ডত অভিযুক্ত আছিল ধন তালুকদাৰ, বাহাৰ আলী আৰু ৰহমান আলী।

অঞ্চলটোত দুষ্কাৰ্য কৰা ধন তালুকদাৰৰ পূৰ্বৰ বহু ইতিহাস আছে। ২০২৩তো অনুৰূপ এক কাণ্ড এই অপৰাধীটোৱে কৰিছিল। ৩মাহ জেলত থাকি বাহিৰ হৈ অহা ধন তালুকদাৰৰ কুকীৰ্তিৰ কাহিনী তাতেই ইতি নপৰিল।

আৰক্ষীয়ে তৎকালীনভাৱে ব্যৱস্থা লোৱা নাছিল। মানুহবোৰ উত্তেজিত হৈ পৰিছিল। চুবুৰীটোৰ কিছুলোক লগ হৈ ধন তালুকদাৰৰ ঘৰলৈ এনে কিয় কৰিলি বুলি জবাবদিহি কৰিবলৈ গৈছিল। তাৰ পৰাই আৰম্ভ হ’ল আন এক কাহিনী।

হিৰণ্ময়ৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে ১৭মে’ ২০২৪ত দুধনৈৰ থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে, ভি ডি পিৰ কিছু লোকৰ সৈতে হিৰণ্ময় খাকলাৰী ধন তালুকদাৰৰ ঘৰলৈ যাওতে তেওঁৰ ওপৰত ধনৰ পৰিয়ালৰ লোকে আক্ৰমণ কৰে। এই আক্ৰমণকাৰী সকলৰ ভিতৰত আছিল ধন তালুকদাৰৰ ককায়েক শেখৰ আলী, সহযোগী বাহাৰ আলী আৰু ৰহমান আলী।

হয়তো কৌশলগত কাৰনতেই ধন নামৰ অভিযুক্তটোৱে তাৰ নাম ধন তালুকদাৰ ৰাখিছিল। দাঁ-লাঠীৰে ধনৰ পৰিয়ালৰ লোকে আক্ৰমণ কৰাৰ সময়ত ধনৰ ভনীয়েক চোনিয়া বেগম ওৰফে পাৰমিনাই এখন চুৰিৰে হিৰণ্ময়ক পিছফালৰ পাৰ আঘাত হানিলে।

সেই আঘাতত ঢলি পৰিছিল হিৰণ্ময়। ভগ্নীৰ হৈ ন্যায় বিচাৰিবলৈ গৈ অপৰাধী ভগ্নীৰ হাতত ধৰাশায়ী হ’ল হিৰণ্ময়। ততাতৈয়াকৈ হিৰণ্ময়ক গুৱাহাটীৰ আমিনগাঁৱৰ জি এন আৰ চি লৈ অনা হৈছিল। চুৰিৰ আঘাতে তেওঁৰ হাঁওফাও বিন্ধিছিল।

মৃত্যুৰ সৈতে যুঁজি যুঁজি ১১দিনৰ মূৰত হিৰণ্ময়ে শেষ নিশ্বাস ত্যাগ কৰিলে। কিমান দুখৰ কাণ্ড হ’ব পাৰে এটা পৰিয়ালৰ বাবে। দুধনৈ আৰক্ষীয়ে এই দুই ঘটনাৰ সন্দৰ্ভত আটাইকেইগৰাকী অপৰাধীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

হয়তো দুদিনৰ পাছত অপৰাধী ওলাই আহিব আৰু আকৌ এনে কাণ্ডই কৰিব। সকলো আজি নিমাত। দুই এজনে সামাজিক মাধ্যমত অপৰাধীক কঠোৰ শাস্তি আৰু পৰিয়াল দুটাক উচিত ক্ষতিপূৰণৰ দাবী তুলিছে। ইয়াৰ বাদে তৎপৰতা নাই কাৰোৰে।

কোনো এক পক্ষই যেন এই ঘটনাবোৰ গাপ দি ৰাখিব খুজিছে। অপৰাধী বাচি গ’ল, ভুক্তভোগীৰ ভাতৃ মৰি গ’ল। তাৰ পাছতো আমি নীৰৱ! অতি সাধাৰণ খবৰবোৰক লৈ ব্যস্ত হৈ থকা সজাগ-সৰ্তক বুলি ভৱা মানুহবোৰ আজি মৌন।

৫০০টকীয়া খমখমীয়া নোটৰ গৰম লৈ ফটো চেশ্যনত ব্যস্ত হৈ থকা বড়ো জাতীয় দল-সংগঠন বা ক্ষমতাত থকা সকলৰ চকুও ক’লা কাপোৰেৰে বন্ধা। তেওঁলোকৰ এইবোৰৰ বিৰুদ্ধে মাত মাতিলে কোনো লাভ নহয়। সেই লাভ-লোকচানৰ মগ্ন হৈ তেওঁলোক অন্ধ।

কোনো অপৰাধীক এনকাউন্টাৰ কৰি আৰক্ষীয়ে সফলতাৰ দাবী কৰাতো আইনগত নহয়। সেয়া আমিও নিবিচাৰো। কিন্তু কেতিয়াবা ক্ষোভত হলেও ভাৱিব মন যায়, এইকেইটা অপৰাধী আৰক্ষীৰ জিম্মাৰ পৰা পলাই যোৱা হ’লে…

ভগ্নী ধৰ্ষিতা হ’ল, ভাতৃ মৰি গ’ল, খবৰেই নহ’ল...
মেডাম বনাম মেডাম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in