ৰঙিয়াত আক্ৰাছুৰ প্ৰতাৰণা দিৱস...

ৰঙিয়াত আক্ৰাছুৰ প্ৰতাৰণা দিৱস...
Published on
Updated on

ডিজিটেল সংবাদ, ৰঙিয়া: সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো বুধবাৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে প্ৰতাৰণা দিৱস পালন কৰে। প্ৰতাৰণা দিৱস উপলক্ষে আজি পুৱতি নিশাই আক্ৰাছু কৰ্মীয়ে ৰঙিয়াৰ চহৰখনৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত কলা পতাকা উৰুৱায়।

উল্লেখ্য যে ১৯৪৯ চনৰ ২৮ আগষ্ট অৰ্থাৎ ২৮ আগষ্টৰ দিনটোতে ভাৰত চৰকাৰৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু কোচ কমতাপুৰৰ শেষৰ গৰাকী ৰজা মহাৰাজ জগদ্বীপেন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰৰ সৈতে মাৰ্জাৰ চুক্তি হৈছিল। সেই মাৰ্জাৰ চুক্তি মৰ্মে কোচ কমতাপুৰ ৰাজ্যক "গ" শ্ৰেণীৰ ৰাজ্য প্ৰদান কৰিব লাগিছিল।

অতি পৰিতাপৰ বিষয়যে ভাৰত চৰকাৰে কমতাপুৰ ৰাজ্যক "গ" শ্ৰেণীৰ ৰাজ্যৰ মৰ্যদা আজিলৈ প্ৰদান নকৰিলে। তাৰপিছৰ পৰাই ২৮ আগষ্টৰ দিনটো অৰ্থাৎ এই দিনটো প্ৰতি বছৰেই আক্ৰাছুৱে কলা দিৱস পালন কৰি আহি আছে।

উল্লেখ্য যে প্ৰতাৰণা দিৱস হিচাপে ৰঙিয়াতো সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে কলা দিৱস উৰুৱাই ভাৰত চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে। এই কলা পতাকা উৰুৱাই শাসনাধীন চৰকাৰক লজ্জিত কৰাৰ লগতে গৰিহণা দিয়ে। প্ৰতিবাদী কাৰ্যসূচীত ৰঙিয়াৰ আক্ৰাছু নেতা কৰুণা দাস,নয়ন দাস,কৌশিক দাসকে ধৰি কেইবাগৰাকীও আক্ৰাছুৰ শক্তিশালী কৰ্মী উপস্থিত থাকে।

ৰঙিয়াত আক্ৰাছুৰ প্ৰতাৰণা দিৱস...
চিদলীৰ কাণ্ডৰ অভিযুক্তক ফাষ্ট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদান দাবী দল সংগঠনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in