ডিজিটেল সংবাদ,চিলাপথাৰঃ যুগ যুগ ধৰি বসবাস কৰা চিলাপথাৰ অঞ্চলৰ বহু খিলঞ্জীয়া লোক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। আজি চিলাপথাৰৰ প্ৰেছ ক্লাৱত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই (AAGSU) এক সংবাদমেলৰ আয়োজন কৰি এই অভিযোগ উত্থাপন কৰে।
উল্লেখ্যযোগ্য যে, মালিনীপুৰ পঞ্চায়তৰ ২নং ফুলবাৰী, বংকবল,জীপো, গৈৰী বস্তি,খুটি বস্তি, মাজগাঁও, কলদাৰা,চিলি হাতীগড়,লিছে নেপালী,কুণ্টৰ আদি গাঁৱত আজি পৰ্যন্ত জৰীপ হোৱা নাই বুলি অভিযোগ কৰে সংগঠনটোৱে।
একেদৰে চিলাসুতি পঞ্চায়তৰ চিলী,ঘগৰা, ব্ৰহ্মপুৰ,নলবাৰী,সীমান্ত গাঁও আদিতো হোৱা নাই জৰীপ। ফলত বসুন্ধৰা 0,2'ৰ পিছত বসুন্ধৰা 0.3 টো ভূমিৰ অধিকাৰ প্ৰাপ্তিৰ পৰা ৰাইজ বঞ্চিত হোৱাৰ সম্ভাৱনা প্ৰকট বুলি সংবাদমেলযোগে কয় আগছুৱে।চিলাসুতি পঞ্চায়তৰ চিলী,ঘগৰা, ব্ৰহ্মপুৰ,নলবাৰী,সীমান্ত গাঁও আদিতো হোৱা নাই জৰীপ। ফলত বসুন্ধৰা 0,2'ৰ পিছত বসুন্ধৰা 0.3 টো ভূমিৰ অধিকাৰ প্ৰাপ্তিৰ পৰা ৰাইজ বঞ্চিত হোৱাৰ সম্ভাৱনা প্ৰকট বুলি সংবাদমেলযোগে কয় আগছুৱে।চিলাসুতি পঞ্চায়তৰ চিলী,ঘগৰা, ব্ৰহ্মপুৰ,নলবাৰী,সীমান্ত গাঁও আদিতো হোৱা নাই জৰীপ। ফলত বসুন্ধৰা 0,2'ৰ পিছত বসুন্ধৰা 0.3 টো ভূমিৰ অধিকাৰ প্ৰাপ্তিৰ পৰা ৰাইজ বঞ্চিত হোৱাৰ সম্ভাৱনা প্ৰকট বুলি সংবাদমেলযোগে কয় আগছুৱে।
এই সন্দৰ্ভত সংশ্লিষ্ট প্ৰশাসনৰ কাষ চাপিলে মাটিখিনি বনাঞ্চল এলেকাৰ অন্তৰ্গত বুলি চূড়ান্ত দায়সৰা মন্তব্য কৰাৰো অভিযোগ উত্থাপন হৈছে। ইয়াৰ বিপৰীতে সীমান্ত অঞ্চলৰ বহু অৰুণাচলীৰ ধনৱান লোকে অসমৰ ৰাজহ চক্ৰৰ পৰা ভূমি পট্টা লাভ কৰিছে বুলি সংগঠনটোৱে অভিযোগ কৰে।
লগতে যি সকলৰ টকা আছে সেই সকলেহে ভূমিৰ পট্টা লাভ কৰিব নেকি বুলি প্ৰশ্ন কৰে আগছুৱে।সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ভূমি জৰীপ কৰাৰ দাবী জনাই সংগঠনটোৱে। অন্যথা অনাগত দিনবোৰত আন্দোলনৰ ভাবুকি দিয়ে গোৰ্খা সংগঠনটোৱে । লগতে মিছন বসুন্ধৰাৰ ম্যাদ বৃদ্ধি কৰাৰ দাবী জনাই আগছুৱে।
সংবাদমেলত সদৌ অসম গোৰ্খা ছাত্ৰৰ (আগছু) ধেমাজি জিলাৰ সভাপতি চ'মৰাজ পুৰিৰ লগতে চন্দন ভৰালী, তাৰাণিধি শৰ্মা, সাজন চেত্ৰী,চন্দ্ৰ দৱাৰি আদি বিভিন্ন আঞ্চলিকৰ বিষয়ববীয়া উপস্থিত থাকে।