নাম হে 'আদৰ্শ গাঁও' দীৰ্ঘ দিনে দেখা নাই উন্নয়ণৰ মুখ

নাম হে 'আদৰ্শ গাঁও' দীৰ্ঘ দিনে দেখা নাই উন্নয়ণৰ মুখ
নাম হে 'আদৰ্শ গাঁও' দীৰ্ঘ দিনে দেখা নাই উন্নয়ণৰ মুখ

ডিজিটেল সংবাদ, বোকাখাতঃ বছৰ বছৰ ধৰি উন্নয়ণৰ মুখ নেদখিলে বোকাখাতৰ এখন গাঁৱে। জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাৰ দুটাকৈ কাৰ্যকাল দখলত থকা বোকাখাত বিধানসভা সমষ্টিৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত এই গাঁৱখন হ'ল কুৰুৱাবাহী "আদৰ্শ গাঁও"।

ধনশিৰি নদীৰ দাঁতিতে লাগি থকা উক্ত গাঁৱখনত বাস কৰা ৪৪ ঘৰ মানুহৰে সৰহ সংখ্যক পৰিয়ালেই দীৰ্ঘদিনৰ পৰা বাস কৰি আছে সীমাহীন দৰিদ্ৰতাৰ মাজত।উল্লেখযোগ্য ১৯৯৭-৯৮চনত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠণ "নিডছ"ৰ উদ্যোগত প্ৰতি বছৰে বানে ধোৱা গাঁৱখন প্ৰতিস্থা কৰা হৈছিল "আদৰ্শ গাঁও" হিছাপে। কিন্তু তাৰ পাছৰ পৰাই অৰ্থাৎ প্ৰতিষ্ঠাকালৰ পৰা চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে গাঁৱখনৰ গাঁৱবাসী।

গাঁৱখনৰ অধিকাংশলোকেই কৃষিৰ ওপৰত নিৰ্ভশীল যদিও ধনশিৰি নদীৰ বান আৰু বানখহনীয়াৰ বাবেই কৃষি কৰ্মৰ যোগেদি বিশেষ উপকৃত হ'ব নোৱাৰে গাঁৱবাসী। অৱশ্যে জীৱিকাৰ বিকল্প হিছাপে বহুতেই নিৰ্ভৰশীল দিন-হাজিৰা কৰ্মৰ ওপৰত।

আনহাতে বানপানী অৰু ব্যাপক খহনীয়াৰ বাবে পৰ্যাপ্ত শালি খেতি কৰিব নোৱাৰা গাঁৱবাসীয়ে ৰবি শস্যৰ ওপৰত অধিক নিৰ্ভৰশীল যদিও ৰবি শস্যৰ বাবে বোকাখাত মহকুমা কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা উন্নত মানৰ বীজ - সাৰ আদিৰ যি সা-সুবিধা পাব লাগে তাৰ পৰাও বঞ্চিত হৈ আছে গাঁৱবাসী।

"বান পানীৰ বাবে আমি যি সামান্য শালীখেতি কৰো তাৰ ওপৰত আশা কৰিব নোৱাৰো, ইয়াত সৰিয়হ, ৰঙালাও, কবি, বেঙেনাৰ খেতি খুউব ভাল হয়, কিন্তু এইবোৰ কৰিবলৈ চৰকাৰী বিশেষ সা-সুবিধা আমি লাভ কৰা নাই"- এজন কৃষকে আক্ষেপেৰে প্ৰকাশ কৰে। লগতে তেওঁ কয় "যোৱা বছৰ আমাৰ ইয়াত সৰিয়হ খেতি খুউব ভাল হৈছিল যদিও ফেব্ৰুৱাৰী মাহৰ শিল বৰষুণৰ বাবে সমুলঞ্চে হেৰুৱালো"।

আনহাতে কৃষিৰ ক্ষেত্ৰত বানপ‍ানী আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতিপূৰণ আদিৰ ক্ষেত্ৰত কৃষকজনে উল্লেখ কৰে এটা মাত্ৰ শব্দ "শূন্য"। গাঁৱখনৰ কিছু সংখ্যক গাঁৱবাসীয়ে ধনশিৰি নদীৰ ম‍াছৰ ওপৰত নিৰ্ভশীল যদিও এচাম মধ্যভোগী মাছ বেপাৰীৰ বাবে মাছৰ থলুৱা মাছৰ উপযুক্ত মূল্যৰ পৰাও সততে বঞ্চিত হয় এইসকল মাছমৰীয়া।

"আমি অতি কষ্টৰে শীতৰ ৰাতিও নদীত আৰি, চিতল, বৰালি আদি দামী দামী মাছ ধৰো দুটকা পোৱাৰ আশাত কিন্তু নুমলীগড় বা বোকাখাতৰ বজাৰত বেছিবলৈ দিনটো খৰচ কৰি ওলাই যাব নোৱাৰাত কম দামতে বেপাৰীক দিব লগীয়া হয়"- গাঁৱখনৰ এজন মাছমৰীয়াই এনেদৰে প্ৰকাশ কৰে।

গাঁৱখনলৈ যাতায়ত কৰিব পৰাকৈ থকা একমাত্ৰ কেচা পথটোৰো অৱস্থা অত্যন্ত শোচনীয়। আনকি বাৰিষা খোজ কাঢ়ি যোৱাৰো অনুপযোগী হৈ পৰা পথছোৱাৰ উন্নয়ণৰ বাবে দুটা কাৰ্যকালৰ বাবে বোকাখাত বিধানসভা সমষ্টি দখল কৰা কৃষি মন্ত্ৰী অতুল বৰাই কোনো বিশেষ পদক্ষেপ গ্ৰহন নকৰাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে গাঁৱবাসীৰ। এনৰেগা আঁচনীৰ অধিনত এই পথটিত কিছু কাম কাজ কৰা হৈছিল যদিও হৈ থাকিল আধৰুৱা।

বিশুদ্ধ খোৱা পানীৰ বাবে আজিও অধিকাংশ গাঁওবাসীয়ে নিৰ্ভৰ কৰি থাকিব লগীয়া হৈছে ধনশিৰি নদীৰ ওপৰত। দাঁতি কাষৰীয়া চিনাকান গাঁৱত স্থাপিত এটা পানী যোগান আঁচনীৰ পৰা গাঁৱখনলৈ পানী যোগানৰ ব্যৱস্থা কৰা হৈছিল যদিও পানীৰ যোগান নিয়মীয়া নোহোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে গাঁৱবাসীয়ে।

ইফালে শিক্ষিত আৰু সচেতন নাগৰিক সৃষ্টিতকৈ হিতাধিকাৰী সৃষ্টি অধিক গুৰুত্ব দিয়া চৰকাৰেখনে শিক্ষাৰ ক্ষেত্ৰতো কোনো গুৰুত্ব আৰোপ কৰা নাই গাঁৱখনত। বৰঞ্চ এই ক্ষেত্ৰত চৰকাৰেখনে কেতবোৰ হঠকাৰী সিদ্ধান্ত লোৱাৰহে অভিযোগ আছে গাঁওবাসীৰ।

উল্লেখযোগ্য গাঁৱখনত গাঁৱবাসীৰ দ্বাৰা স্থাপিত এখন প্ৰাদেশীকৃত প্ৰাথমিক বিদ্যালয় আছিল যদিও শিক্ষাৰ্থী কম হোৱাৰ অজুহাতত বিদ্যালয়খন তাৰ পৰা স্থানান্তৰিত কৰি দাঁতিকাষৰীয়া চিনাকান গাঁৱৰ চিনাকান প্ৰাথমিক বিদ্যালয়ৰ লগত সংযুক্ত কৰি দিয়া হ'ল একেদৰেই যি এটা অংগনৱাড়ী কেন্দ্ৰ আছে তাৰো অৱস্থা শোচনীয়।

জানিব দিয়া মতে বহুবাৰ আবেদনৰ পিছতো উক্ত কেন্দ্ৰটোয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই এটা স্থায়ী গৃহ। ফলত গাঁৱখনৰ পৰা স্থানান্তৰিত কৰা বিদ্যালয়খনৰ এটা এৰা পৰলীয়া গৃহতে পৰিচালনা কৰিব লগীয়া হৈছে কেন্দ্ৰটো। শেহতীয়াকৈ কেন্দ্ৰটোত শিশুৰ কম থকাৰ অজুহাততে দাঁতি কাষৰীয়া চিনাকান গাঁৱৰ আন এটা অংগনৱাড়ী কেন্দ্ৰৰ লগত সংযুক্ত কৰি দিবলৈ ওলাইছে বিভাগীয় কৰ্তৃপক্ষই । যদি বিভাগীয় কৰ্তৃপক্ষৰ এই সিদ্ধান্ত কাৰ্যকৰী কৰা হয় তেনে সম্পুৰ্ণ শিক্ষা ব্যৱস্থা বা শিক্ষা প্ৰতিষ্ঠান শূন্য হৈ পৰিব গাঁৱখন।

উপযুক্ত শিক্ষা - স্বাস্থ্য সন্মত সচেতনতাৰ অভাৱ আৰু দৰিদ্ৰতাৰ বাবেই গাঁৱখনৰ নৱ প্ৰজন্ম শেহতীয়াকৈ সুৰা আৰু আন সহজ নীচা জাতীয় দ্ৰব্যৰ গ্ৰাসত পৰাটোও গাঁৱখনৰ বাবে হৈ পৰিছে ভয়ংকৰ সমস্যা। আনহাতে দৰিদ্ৰতাৰ পৰা সৃষ্ট পুষ্টিহীনতাও গাঁৱখনৰ শিশু-কিশোৰসকলৰ বাবে হৈ পৰিছে এক গুৰুতৰ সমস্যা।

জানিব পৰা মতে একাংশ গাঁৱবাসীৰ বাবে গাঁৱখনত সহজ হৈ পৰা স্থানীয় সুৰাৰ প্ৰচনলে ধ্বংসৰ গৰাহলৈ লৈ গৈছে নৱ প্ৰজন্মক। " আবকাৰী বিভাগৰ অতৰ্কিত অভিযানে এখন গাঁও বা এটা অঞ্চলক নীচা মুক্ত কৰিব নোৱাৰে তাৰ বাবে লাগিব উপযুক্ত শিক্ষা আৰু বিজ্ঞান সন্মত পৰিকল্পনা যি আমাৰ গাঁৱখনৰ পৰা সুদূৰ পৰাহত"- এজন স্থানীয় সচেতন ব্যক্তিৰ গাঁৱখন সন্দৰ্ভত মতামত।

লক্ষণীয়ভাৱে এটা সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যথেষ্ট প্ৰভাৱ থকা গাঁৱখন অৱশ্যে বৰ্তম‍ান কৃষক মুক্তিৰ প্ৰভ‍াৱো শূন্য। ফলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰাও দীৰ্ঘদিনৰ পৰা কোনো কাৰ্যকলাপ লক্ষ কৰা হোৱা নাই বাৰেকুৰি সমস্যাৰে ভাৰাক্ৰান্ত গাঁৱখনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in