এটকীয়া দুটকীয়া খুচুৰা মুদ্ৰাৰে ৭০ হাজাৰ টকীয়া বাহন ক্ৰয় যুৱকৰ...

এটকীয়া দুটকীয়া খুচুৰা মুদ্ৰাৰে ৭০ হাজাৰ টকীয়া বাহন ক্ৰয় যুৱকৰ...
এটকীয়া দুটকীয়া খুচুৰা মুদ্ৰাৰে ৭০ হাজাৰ টকীয়া বাহন ক্ৰয় যুৱকৰ...

ডিজিটেল সংবাদ ঢকুৱাখনা:  সাধাৰণতে উপেক্ষিত আৰু অনাদৃত বুলি গণ্য কৰা ২৫ পইচা , ৫০ পইচাৰ যে অতুলনীয় মূল্য উপলব্ধ সেয়া কাৰ্যতঃ প্ৰমাণিত কৰি দেখুৱালে ঢকুৱাখনা মহকুমাৰ এগৰাকী প্ৰত্যয়ী যুৱকে । ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰি অঞ্চলৰ মিলন নগৰৰ বাসিন্দা জিতেন ভঁৰালীয়ে বিগত প্ৰায় ৫ টা বছৰ ধৰি সঞ্চয় কৰি ৰখা ২৫ পইচা ,৫০ পইচা আৰু এটকীয়া দুটকীয়া মুদ্ৰাৰে এখন প্ৰায় ৭০ হাজাৰ টকা মূল্যৰ স্কুতি ক্ৰয় কৰি ক্ষুদ্ৰ সঞ্চয়ৰ প্ৰাসংগিকতা অন্যন্য ৰূপত দাঙি ধৰিছে। 

স্বাৱলম্বনৰ নিৰন্তৰ যুঁজৰ অক্লান্ত যুঁজাৰু জিতেন ভৰালীয়ে সোনাৰী চাপৰিত এখন ক্ষুদ্ৰ ব্যৱসায় মেলি জীৱন জীৱিকা অব্যাহত ৰাখিছিল । মনত এখন দুচকীয়া বাহন ক্ৰয়ৰ দুৰন্ত হেঁপাহ থকাৰ পাছতো সঞ্চিত পুঁজিৰ অভাৱৰ বাবেই এই সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হোৱা নাছিল উদ্যমী যুৱকজন।

পিছে সম্পূৰ্ণ ৫টা বছৰৰ পাছত এইগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ স্বপ্ন পূৰণ হ'ল । কোনো ধৰণৰ বৃহৎ মূলধন নথকা স্বত্তেও এইগৰাকী যুৱকে নিজৰ কষ্ট উপাৰ্জিত ২৫ পইচা, ৫০ পইচাৰ পৰা ৫ টকা পৰ্যন্ত মুদ্ৰা দৈনিক সঞ্চয় কৰি ৰাখি অৱশেষত সৰ্বমুঠ ৭০ হাজাৰ টকা জমা কৰি বৃহস্পতিবাৰে নিজৰ পছন্দৰ এখন ইলেকট্ৰনিক স্কুতি ক্ৰয় কৰি ইস্পিত আশা বাস্তৱায়িত কৰিবলৈ সক্ষম হয়।

ভঁৰালীয়ে বৃহস্পতি বাৰে বিয়লি "ঘিলামৰা পূৰ্বাণ মটৰচ"ত উপস্থিত হৈ  বহু কেইটা মাটিৰ পাত্ৰ, প্লাষ্টিকৰ টেমা আদিত জমা কৰি ৰখা মুঠ ৭০ হাজাৰ টকাৰ খুচুৰা মুদ্ৰা জমা দিয়ে । ঘিলামৰা "পূৰ্বাণ মটৰচ"ৰ কৰ্তৃপক্ষক এই বিশাল পৰিমাণৰ মুদ্ৰা জমা দি এখন পৰিবেশ সুৰক্ষিত দুচকীয়া বাহন ক্ৰয় কৰাৰ আগ্ৰহ প্ৰকাশ কৰে ।

বহু সময় ধৰি বিক্রেতা কৰ্তৃপক্ষই উক্ত জমাকৃত মুদ্ৰা হিচাব কৰি কৰি প্ৰায় ৭০হাজাৰ টকা জমা কৰাটো নিশ্চিত হোৱাত উক্ত পুঁজিৰ বিপৰীতে গ্ৰাহক ভঁৰালীৰ পছন্দ অনুসৰি এখন বিদ্যুৎ চালিত স্কুতি হস্তান্তৰ কৰে কৰ্তৃপক্ষই ।

ইন্ধনৰ আকাশলঙ্ঘী দামৰ সমান্তৰাল ভাবে প্ৰদূষিত পাৰিপাৰ্শ্বিক পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি সমাজ সচেতন ক্রেতা ভঁৰালীয়ে এই বিদ্যুৎ চালিত ইলেকট্ৰনিক স্কুতি ক্ৰয় কৰা বুলি জানিবলৈ দি ভৱিষ্যতৰ দিনত এনে ক্ষুদ্ৰ ক্ষুদ্ৰ সঞ্চয়ৰে এখন চাৰি চকীয়া বাহন ক্ৰয়ৰো হেঁপাহ পুহি ৰখা বুলি অনুভৱ ব্যক্ত কৰে ।

সততে উচিষ্ট আৰু এলাগী গণ্য কৰা এনে মুদ্ৰাৰ সঞ্চয়েৰে এক মধুৰ স্মৃতি ৰাখি থোৱাৰ নিৰলস প্ৰচেষ্টাত ব্ৰতী হৈ তাক বাস্তৱায়িত কৰিবলৈ সক্ষম হোৱা প্ৰত্যয়ী যুৱ ব্যৱসায়ী জিতেন ভঁৰালীৰ নৱবর্ষৰ প্ৰাক ক্ষণত এনে একাগ্ৰ আৰু ব্যতিক্ৰমী প্ৰয়াস নিঃসন্দেহে অনুকৰণীয় হিচাবে ধৰা দিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in