কাছাৰৰ লাইলাপুৰত তেলৰ টেংকাৰৰ পৰা জব্দ ২০০০ কেজি বাৰ্মিজ চুপাৰি

অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে কাছাৰ আৰক্ষী যদি ডালে ডালে, তেন্তে, চুপাৰীৰ চোৰাং বেপাৰী পাতে পাতে৷ কাছাৰ আৰক্ষীৰ চকুত ধুলি দিবলৈ এইবাৰ তেলৰ টেংকাৰত লুকুৱাই বাৰ্মিজ চুপাৰি সৰবৰাহৰ চেষ্টা চুপাৰি বেপাৰীৰ৷
কাছাৰৰ লাইলাপুৰত তেলৰ টেংকাৰৰ পৰা জব্দ ২০০০ কেজি বাৰ্মিজ চুপাৰি

ডিজিটেল সংবাদ, শিলচৰ: অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে কাছাৰ আৰক্ষী যদি ডালে ডালে, তেন্তে, চুপাৰীৰ চোৰাং বেপাৰী পাতে পাতে৷ কাছাৰ আৰক্ষীৰ চকুত ধুলি দিবলৈ এইবাৰ তেলৰ টেংকাৰত লুকুৱাই বাৰ্মিজ চুপাৰি সৰবৰাহৰ চেষ্টা চুপাৰি বেপাৰীৰ৷

আৰক্ষীৰ চকুত ধুলি দিবলৈ এইদৰে ন ন কৌশল অৱলম্বন কৰি মিজোৰামৰ পৰা বাৰ্মিজ চুপাৰি সৰবৰাহ কৰি আহিছে চোৰাং ব্যৱসায়ীয়ে৷ এইদৰে মিজোৰামৰ পৰা সৰবৰাৰ কৰাৰ সময়ত বৃহস্পতিবাৰে নিশা কাছাৰৰ লাইলাপুৰত আৰক্ষীয়ে জব্দ কৰে এখন চুপাৰি ভৰ্তি টেংকাৰ৷

মিজোৰামৰ পৰা অহা AS28AC-0225 নম্বৰ তেলৰ টেংকাৰৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে জব্দ বস্তাই বস্তাই বাৰ্মিজ চুপাৰি৷ ভুৱা নম্বৰ প্লেট ব্যবহাৰ কৰি তেলৰ টেংকাৰ খনত সৰবৰাহ কৰা হৈছিল চুপাৰি৷

টেংকাৰ খনৰ পৰা জব্দ কৰা চুপাৰিৰ পৰিমাণ দুই হাজাৰ (২০০০) কেজিতকৈও অধিক৷ চুপাৰি খিনি মিজোৰামৰ পৰা মেঘালয়লৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল চোৰাং বেপাৰীয়ে ৷

ইয়াৰ পুৰ্বে গোপন তথ্যৰ ভিত্তিত লাইলাপুৰ আৰক্ষীয়ে জব্দ কৰে চুপাৰিখিনি৷ চুপাৰিৰ সৈতে টেংকাৰৰ চালক চাবুল উদ্দিনক গ্ৰেপ্তাৰ কৰা হয়৷ ধৃত চাবুলৰ ঘৰ কাছাৰৰ বাচকান্দিত৷

আৰু পঢ়ক: যুৱ সাংবাদিক সন্থা,অসম ২০২২ বৰ্ষৰ বিশেষ বঁটা আৰু সন্মান ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in