সোণাপুৰত দুদিনীয়াকৈ বিজেপিৰ চিন্তন বৈঠক

সোণাপুৰত আয়োজন কৰা হৈছে বিজেপিৰ চিন্তন বৈঠক। শনিবাৰৰ পৰা দেওবাৰলৈকে দুদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা এই বৈঠকত দলটোৱে আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ লগতে বিটিআৰ নিৰ্বাচন সন্দৰ্ভতো মন্থন কৰিব

author-image
Asomiya Pratidin
New Update
440

ডিজিটেল ডেস্ক : সোণাপুৰত আয়োজন কৰা হৈছে বিজেপিৰ চিন্তন বৈঠক। শনিবাৰৰ পৰা দেওবাৰলৈকে দুদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা এই বৈঠকত দলটোৱে আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ লগতে বিটিআৰ নিৰ্বাচন সন্দৰ্ভতো মন্থন কৰিব।

Advertisment

সোণাপুৰৰ মেফেয়াৰ ৰিজ’ৰ্টত অনুষ্ঠিত হ'ব লগা এই বৈঠকত বিজেপিৰ সকলো ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ নেতাই অংশ ল'ব। এই চিন্তন বৈঠকৰ বাবে সোণাপুৰত বাহৰ পাতিছেগৈ শাসকীয় দলটোৰ প্ৰায় সংখ্যক মন্ত্ৰী- বিধায়কে।

দুদিনীয়া এই চিন্তন বৈঠকত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো অংশগ্ৰহণ কৰিব। বিজেপিৰ এই চিন্তন বৈঠকৰ বাবে সোণাপুৰত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

sonapur bjp Dr. Himanta Biswa Sarma dilip saikia