/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/92efc6a6-dcb2-43c8-85b3-a8309dd86c09/bepari.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ কাছাৰত এক ট্ৰাক বাৰ্মিজ চুপাৰি জব্দ। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশকো কেৰেপ নকৰে অবৈধ বাৰ্মিজ চুপাৰিৰ ব্যৱসায়ীসকলে ৷ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহন কৰাৰ পিচতো কাছাৰৰ মাজেৰে সৰবৰাহ হৈ আছে বাৰ্মিজ চুপাৰি ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f025bef1-2768-40da-a91b-70904afb0397/ea4ca847_303a_4c02_b260_b29ca7edeee9.jpg)
ন ন কৌশল অৱলম্বন কৰি প্ৰায়ে মিজোৰামৰ পৰা বহি ৰাজ্যলৈ সৰবৰাহ কৰি আহিছে চুপাৰী ব্যৱসায়ীসকলে ৷ এইদৰে ট্ৰাকত গোপন চেম্বাৰ সাজি চুপাৰি সৰবৰাহৰ সময়ত ধলাই আৰক্ষীয়ে জব্দ কৰে এখন বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/5e2dd0ce-d26f-4f0b-9eeb-189e1308af22/95626779_360a_406e_ba94_3b0f4a62bba0.jpg)
জানিবলৈ দিয়া মতে নাকী চেকিঙৰ সময়ত AS-11-DC-1116 নম্বৰৰ ট্ৰাকখনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে প্ৰায় ১০০০ কেজি সন্দেহজনক বাৰ্মিজ চুপাৰি ৷ চুপাৰিৰ সৈতে ট্ৰাকৰ চালক চাদ্দাম ৰুছেইন লস্কৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ধৃত চাদ্দামৰ ঘৰ ধলাই এলেকাৰ হাওয়াইথাঙত৷ জব্দকৃত চুপাৰিৰ মুল্য কেবা লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷