/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/34332cb3-87d9-493d-8c7a-9a17058c2167/10.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ এটা আচামীয়ে কোকৰাঝাৰ জে'লৰ পৰা দুবাৰকৈ পলোৱা ঘটনাই কোকৰাঝাৰ জে'লৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ উদঙাই দিছে। উল্লেখ্য যে মটৰচাইকেল চুৰিৰ গোচৰত (গোচৰ নং ৪৬/২০২৪) প্ৰথমে আটক হৈ চন্দ্ৰকান্ত নাথ ওৰফে চন্দ্ৰদ্বীপক(১৯) কোকৰাঝাৰ কাৰাগাৰত আৱদ্ধ হৈ আছিল। কিন্তু কেইদিনমান থকাৰ পিছত যোৱা ৯ মাৰ্চত কোকৰাঝাৰ জে'লৰ পৰা দেৱাল বগাই চন্দ্ৰকান্ত পলায়ন কৰিছিল ।
পলায়ন কৰাৰ সম্পূৰ্ণ এমাহ পিছত যোৱা ২৯এপ্ৰিলত চন্দ্ৰকান্ত নাথ ওৰফে চন্দ্ৰদ্বীপক বালাগাঁও আৰক্ষীয়ে খেদি খেদি ডিয়াঝিজৰীৰ ওচৰত আটক কৰিছিল। তাৰপিছত আৰক্ষীয়ে চন্দ্ৰকান্ত নাথক আদালতত হাজিৰ কৰি পুনৰাই কোকৰাঝাৰ জে'ললৈ নিক্ষেপ কৰে যদিও মঙলবাৰে চন্দ্ৰকান্ত নাথ পুনৰ জে'লৰ পৰা পলায়ন কৰে ।
স্বাভাৱিকতে উক্ত ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু কোকৰাঝাৰ জেলৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপিত হৈছে। এটা ১৯ বছৰীয়া মটৰচাইকেল চোৰে দুবাৰকৈ কোকৰাঝাৰ জে'লৰ পৰা পলায়ন কৰা কাৰ্য সন্দেহজনক বিষয় বুলি বিবেচিত হৈছে আৰু কোকৰাঝাৰৰ কাৰাগাৰৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ উদঙাই দিছে ।
Also Read: ওজা হেমচন্দ্ৰ বৰুৱা ‘সাহিত্য সাধনা বঁটা’ আৰু হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা ‘সমাজ চেতনা’ বঁটা প্ৰদান