এটা ভয়ংকৰ দুৰ্ঘটনা ; ৰে'ল আৰু আই টেন বাহনৰ সংঘৰ্ষ

এটা ভয়ংকৰ দুৰ্ঘটনা ; ৰে'ল আৰু আই টেন বাহনৰ সংঘৰ্ষ

author-image
asomiyapratidin
New Update
এটা ভয়ংকৰ দুৰ্ঘটনা ; ৰে'ল আৰু আই টেন বাহনৰ সংঘৰ্ষ

ডিজিটেল সংবাদ, চিলাপথাৰ: চিলাপথাৰ আৰক্ষী থানাৰ ডিমৌত সংঘটিত হৈছে এক ভয়ংকৰ দূৰ্ঘটনা। শুকুৰবাৰে বিয়লি প্ৰায় ৪.১০ বজাত মুৰ্কংচেলেকৰ পৰা ডেকাৰ গাঁও অভিমুখে যোৱা নামনিমুৱা ৰে'লে চিলাপথাৰৰ ডিমৌ শান্তিপুৰত সংঘটিত কৰে এক শোকাৱহ দূৰ্ঘটনা। এখন আই টেন বাহনে উন্মুক্ত অৱস্থাত থকা ৰে'ল লাইন পাৰ হ'বলৈ চেষ্টা কৰোতেই সংঘটিত হয় এই ঘটনা।

Advertisment

ৰে'ল আৰু এখন আই টেন গাড়ীৰ দুৰ্ঘটনাত নিহত হয় এজন। চিলাপথাৰৰ ডিমৌত এখন ৰে'লে প্ৰায় ১.৫ কি.মি. চুচৰাই নিয়ে আই টেন বাহনখন। উল্লেখযোগ্য যে আই টেন গাড়ী খনৰ নম্বৰ হ'ল AR 01 F3744। থিতাতে নিহত হয় অৰুণাচল প্ৰদেশৰ পাচিঘাট আৰক্ষীত কৰ্মৰত ৰিগু ৰিবা(৫৫ ) নামৰ লোকজন। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় এজনী কনমানি। কণমানি সহযাত্ৰী গৰাকীক চিকিৎসালয় লৈ যোৱা হয় যদিও তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Also Read: নিলম্বিত কমলাক্ষ দে পুৰকায়স্থৰ পদ খাৰিজৰ বাবে আবেদন দাখিল ৰকিবুল হুছেইনৰ

silapathar