নিলম্বিত কমলাক্ষ দে পুৰকায়স্থৰ পদ খাৰিজৰ বাবে আবেদন দাখিল ৰকিবুল হুছেইনৰ

নিলম্বিত কমলাক্ষ দে পুৰকায়স্থৰ পদ খাৰিজৰ বাবে আবেদন দাখিল ৰকিবুল হুছেইনৰ
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটী: কংগ্ৰেছৰ নিলম্বিত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ বিধায়ক পদ খাৰিজ কৰিবলৈ শুকুৰবাৰে বিধানসভাৰ অধ্যক্ষৰ ওচৰত আবেদন দাখিল কৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে। কংগ্ৰেছ দলৰ আন এগৰাকী নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে যিদৰে লোকসভা নিৰ্বাচনত দলৰ বিৰুদ্ধে কাম কৰিছিল ঠিক একেধৰণে কমলাক্ষ দে পুৰকায়স্থয়ো দল বিৰোধী কাম-কাজত লিপ্ত হৈছিল।

নিলম্বিত বিধায়কজনে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। শেহতীয়া কাম-কাজেৰেও তেওঁ যে দলবিৰোধী কাম-কাজত জড়িত সেয়া স্পষ্টকৈ প্ৰমাণ কৰি দিছে। দলবিৰোধী কাম-কাজত জড়িত হোৱাতো স্পষ্ট হৈ পৰালৈ চাই নিয়ম অনুযায়ী তেওঁৰ বিধায়ক পদ খাৰিজ হ'ব লাগিছিল। কিন্তু এই পৰ্যন্ত বিধানসভাৰ অধ্যক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি সাংসদ ৰকিবুল হুছেইনে নথি-পত্ৰসহকাৰে বিধানসভাত এই তথ্য দাখিল কৰে।

নথি-পত্ৰ দাখিল কৰি প্ৰাক্তন বিধায়ক তথা বৰ্তমান ধুবুৰী লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে শীঘ্ৰে নিলম্বিত বিধায়কগৰাকীৰ পদ খাৰিজ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক শুনানি গ্ৰহণ কৰি কি কাৰণে শ্বেৰমান আলীৰ বিধায়ক খাৰিজ কৰা নাই সেই বিধানসভাৰ অধ্যক্ষ, বিধানসভাৰ প্ৰধান সচিব, বিধানসভাৰ সচিব আৰু শ্বেৰমান আলী আহমেদলৈ জাননী জাৰি কৰাৰ লগতে শপতনামা দাখিল কৰিবলৈকো আদালতে নিৰ্দেশ দিছিল।

নিলম্বিত কমলাক্ষ দে পুৰকায়স্থৰ পদ খাৰিজৰ বাবে আবেদন দাখিল ৰকিবুল হুছেইনৰ
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in