চফ,আজৱাইন,জিৰাঃ আজি দিম গুণাগুণৰ বতৰা...

চফ,আজৱাইন,জিৰাঃ আজি দিম গুণাগুণৰ বতৰা...

আমাৰ আখলৰ অপৰিহাৰ্য্য মছলা হৈছে জিৰা, আজৱাইন আৰু চফ বা গুৱামৰি। এই সমূহ গুটিয়ে কেৱল আঞ্জাত সোৱাদ বৃদ্ধি নকৰে ইয়াৰ আছে বহু উপকাৰিতা। বজাৰত অতি কম দৰত উপলব্ধ এই কেইবিধ মহৌষধ সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...

কইনাৰ বটাত থকা বহু ৰঙীণ চফখিনি আমাৰ সকলোৰে প্ৰিয়। সন্তানকো বটাৰ পৰা বিচাৰি ৰঙীণ মুহুদিখিনি দিয়াটো আমাৰ এক অভ্যাস।

আজিকালি বিয়া-সবাহৰ কাৰণে বজাৰৰ পৰা গুৱামৰিৰ পৰিৱৰ্তে ভিন্ন ৰঙীণ মচলাৰে বটাখন সজাও। কিন্তু এই ৰঙীণ মচলাত কি ৰং ব্যৱহাৰ কৰে, সোৱাদৰ বাবে কিমান মিঠা ব্যৱহাৰ কৰে সেয়া এবাৰলৈও নাভাবো।

আমি প্ৰায়ে এষাৰ কথা কওঁ,এতিয়াৰ খাদ্য ভেজালকাৰী,সেয়ে শৰীৰৰ অপকাৰ হয়। কিন্তু পোনপটীয়াকৈ ন'হলেও শৰীৰৰ অপকাৰ সাধন কৰাত আমাৰ নিজৰো হাত আছে।

পুৰণি দিনত ঘৰতে গুৱামৰি ভাজি লগত নাৰিকল দি বিয়া-সবাহত মুখশুদ্ধিৰ বাবে দিয়া হৈছিল। মুখৰ দুৰ্গন্ধ আঁতৰোৱাৰ লগতে গুৱামৰিয়ে শৰীৰৰো বহু উপকাৰ কৰিছিল।

সময় পৰিৱৰ্তনৰ লগে লগে আধুনিকতাই গ্ৰাস কৰা আমাৰ সমাজখনত আহিল কিছুমান তথাকথিত সামগ্ৰী যেনে- ৰঙা,হালধীয়া,বগা,সেউজীয়াৰ লগতে বিভিন্ন ৰং আৰু চেনীৰ ৰসেৰে নিৰ্মিত চফ।

বহু মূল্য দি কিনি অনা বহু ৰঙীণ চফসমূহে উপকাৰৰ সলনি শৰীৰত কিদৰে অপকাৰ কৰিব পাৰে সেয়া আৰু বেলেগকৈ ক'বলগীয়া নাই যদিও চফৰ উপকাৰিতাৰ বিষয়ে জনোৱাটো প্ৰয়োজনীয়।

চফৰ সমান্তৰালকৈ আখলৰ অপৰিহাৰ্য্য মছলা জিৰা, আজৱাইন। যিয়ে কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি নকৰে ইয়াৰ আছে বহু উপকাৰিতা।

চফ বা গুৱামৰি- খাদ্যগ্ৰহণৰ পাছত বেছিভাগ লোকেই মুখৰ দুৰ্গন্ধ নোহোৱা কৰিবৰ বাবে চফগুটি খায়। চফগুটিয়ে কেৱল মাউথ ফ্ৰেচনাৰ হিচাপেই কাম নকৰে, ই শৰীৰৰ বহুতো সমস্যা আঁতৰ কৰাৰ ক্ষেত্ৰতো সহায়ক। উল্লেখ্য যে, চফ হৈছে এক আয়ুৰ্বেদিক ঔষধ।

চফত থকা উপাদান সমূহ ক্ৰমে- ভিটামিন C,ভিটামিন A,পটেছিয়াম, ছডিয়াম, ফচফৰাছ, কেলছিয়াম,খনিজ লৱণ আৰু প্ৰচুৰ পৰিমাণৰ আঁহ।

চফত আঁহ যথেষ্ট পৰিমাণৰ আঁহ থকা ফলত ই ওজন হ্ৰাস কৰাত সহায় কৰে। শৰীৰত চৰ্বি জমা হ’বলৈ নিদিয়ে, যাৰ ফলত মেদবহুলতাৰ আশংকা হ্ৰাস হয়।

চফৰ পানী খালে শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ বাহিৰলৈ যায়। শৰীৰৰ মেটাব’লিজ্যম শক্তিশালী হয় । ভাল মেটাব’লিজ্যমে ওজন হ্ৰাস কৰাত সহায় কৰে।

গৰমত চফৰ পানী খালে পাকস্থলী আৰু শৰীৰ শীতল হৈ থাকে। আপুনি পেটৰ সমস্যাৰ পৰা পৰিত্ৰাণ পায়। কোষ্ঠকাঠিন্য আৰু পেটৰ বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে চফৰ পানী খাব লাগে।

চফৰ পানীয়ে দৃষ্টিশক্তি বৃদ্ধি কৰে। যদি দৈনিক চফৰ পানী খোৱা হয়, ই চকু ভালে ৰাখে আৰু চকুক কোনো সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

স্মৃতিশক্তি বৃদ্ধি কৰাত চফগুটিৰ গ্ৰহণ উপকাৰী। ইয়াৰ বাবে, নিশ্চিতভাৱে চফগুটি আৰু মিচিৰিৰ পানী খাব লাগে।

যেতিয়া আপুনি অত্যাধিক কাঁহত ভোগে তেতিয়া লঙৰ সৈতে চফগুটি খোৱাটো উপকাৰী।

চফ গুটিত কেলছিয়াম, আইৰন, মেংগানিজ আদি লৱণসমূহ আছে, যি আমাৰ শৰীৰত হাড়, ছাল, চুলি সুস্থ ৰখাত সহায় কৰে।

আজৱাইন বা জনি গুটি- ভাৰতীয় সকলৰ পাকঘৰত থকা মচলাবোৰ সাধাৰণতে সোৱাদৰ লগতে স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। এই মচলাবোৰৰ এবিধ অন্যতম মছলা হৈছে আজৱাইন বা জনি গুটি। আজৱাইনত থকা উপাদান সমূহ- প্ৰ'টিন, চৰ্বি, আঁহ, খনিজ পদাৰ্থ, কেলচিয়াম, আইৰণ আৰু নিকোটিনিক এচিড।

জনি গুটিত আঁহ থাকে ৷ জনি গুটি মিহলোৱা পানী খালে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে ৷ ইয়াৰোপৰিও ডায়েৰিয়া,কোষ্ঠকাঠিন্য আদি সমস্যাও প্ৰতিৰোধ কৰে ৷ লগতে পেটৰ লগত জড়িত বহু সমস্যা যেনে বদহজম ৰোধ কৰে ৷

পুৱা জনি গুটি মিহলোৱা পানী সেৱন কৰিলে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় ৷ চৰ্বি হ্ৰাস কৰি ওজন কম কৰাট সহায় কৰে ৷

জনি গুটি মিহলোৱা পানীয়ে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ জনি গুটিত উচ্চ আঁহ থাকে ৷ এই পানী খোৱাৰ আগতে নিশ্চয় চিকিৎসকৰ পৰামৰ্শ লওক ৷

জনি গুটি মিহলোৱা পানীত এন্টিঅক্সিডেন্ট গুণ আছে ৷ এই পানীত বেক্টেৰিয়া আৰু ভেঁকুৰ প্ৰতিৰোধী গুণ আছে ৷ এই পানী খালে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয় ৷ বহু ৰোগৰ বিৰুদ্ধে যুঁজিব পাৰি৷

জনি গুটি মিহলোৱা পানীত খাদ্য আঁহ আৰু ফেটি এচিড থাকে ৷ এই পানী খালে ভাল কলেষ্টৰল বৃদ্ধি পায় ৷ ইয়াৰ লগতে ই বেয়া কলেষ্টৰল হ্ৰাস কৰে ৷

জনি গুটিৰ এন্টিমাইক্ৰ’বিয়াল আৰু এন্টিচেপ্টিক গুণ আছে ৷ পৰিৱৰ্তিত বতৰত স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ এনে পৰিস্থিতিত জনি গুটি মিহলোৱা পানী খালে বতৰৰ সংক্ৰমণৰ পৰাও হাত সাৰিব পাৰি ৷

জিৰা- জিৰাত থকা এন্টিঅক্সিডেন্ট আৰু নিউট্ৰিয়েন্টচে শৰীৰক বহুতো সমস্যাৰ পৰা ৰক্ষা কৰে। পুণে স্থিত জাহাঙ্গীৰ হস্পিটালৰ চিনিয়ৰ ক্লিনিকেল এক্জুকিটিভ নিউট্ৰেচনিষ্ট ডাঃ নেহা চিৰ্কেই ৰাতিপুৱা খালি পেটত জিৰা পানী খোৱাৰ পৰামৰ্শ দিয়ে।

ৰাতি এগিলাচ পানীত ২ চামুচ জিৰা তিয়াই থব। পুৱা কুহুমীয়া গৰম কৰি চেকি খালি পেটত খাব। জিৰাত থকা উপাদান সমূহ- কেলছিয়াম,কপাৰ,আইৰণ, মেগনেছিয়াম,ফচফৰাছ,জিংক।

শৰীৰৰ বেয়া কলেষ্টৰেল হ্ৰাস কৰি হাৰ্টৰ সমস্যা দূৰ কৰে। শৰীৰত গ্লুকোজৰ পৰিমাণ সীমিত ৰাখি মধুমেহ হোৱাৰ পৰা ৰক্ষা কৰে।

মাংসপেশীৰ বিষত ভূগি থকা সকলে জিৰা পানী সেৱন কৰিব লাগে। ইয়াৰ দ্বাৰা শৰীৰৰ ৰক্ত সঞ্চালন নিয়মীয়া হয় ফলস্বৰূপে পেশীবোৰ শিথিল হৈ বিষ নিৰাময় হয়।

ছালৰ সমস্যাত ভূগি থকা সকলে জিৰা পানী সেৱন কৰিব লাগে। শৰীৰৰ পৰা টক্সিন বা দূষিত পদাৰ্থ বাহিৰ কৰি শালমইনা আদিৰ পৰা আৰোগ্য কৰে।

হজমৰ সমস্যা দূৰ কৰে। জিৰা পানীত থকা আঁহে হজমত সহায় কৰে আৰু এচিডিটিৰ সমস্যাৰ পৰা মুক্তি দিয়ে।

ৰক্তহীনতাত ভূগি থকা লোকে জিৰাৰ পানী খাব খাগে। ইয়াত থকা আইৰণে এনিমিয়াৰ পৰা ৰক্ষা কৰে।

জিৰা পানীয়ে ৰক্তচাপৰ সমস্যা দূৰ কৰে। ই ৰক্তসঞ্চালন নিয়মীয়া কৰি ৰক্তচাপৰ (উচ্চ/নিম্ন) পৰা ৰক্ষা কৰে।

এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে যিকোনো বজাৰ বা দোকানত অতি কম দৰত উপলব্ধ এই কেইবিধ মহৌষধ। সেয়ে শীঘ্ৰে ইয়াক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক আৰু বহু ৰোগৰ পৰা হাত সাৰি থাকক।

চফ,আজৱাইন,জিৰাঃ আজি দিম গুণাগুণৰ বতৰা...
আমাৰে মইনা শুব এ, বাৰীতে বগৰী ৰুব এ....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in